NORTHEAST NOW (Assamese)
অসম

অসম আৰক্ষীৰ মুঠ ৩,৩৩৮লোকৰ কোভিড-১৯পজিটিভ; আক্ৰান্ত ১৩গৰাকী আৰক্ষীৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 24, 2020 6:58 am
Assam-Police-Chirang-1024x512

অসম আৰক্ষীৰ এতিয়ালৈকে মুঠ ৩,৩৩৮গৰাকী লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ। কোভিডত আক্ৰান্ত হৈ এতিয়ালৈকে ১৩গৰাকী আৰক্ষীৰ লোকে প্ৰাণ হেৰুৱাইছে।

এই বাতৰি নিশ্চিত কৰি অসম আৰক্ষীৰ আইন-শৃংখলা শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে টুইট কৰি লিখিছে: ‘’২৩আগষ্ট,২০২০- অসম আৰক্ষীৰ ৩,৩৩৮গৰাকী লোকৰ এতিয়ালৈকে কোভিড পজিটিভ পোৱা গৈছে।‘’

সিঙে কয় যে ইয়াৰ পূৰ্বে  কোভিড-১৯ত আক্ৰান্ত ২,৭৯১গৰাকীয়ে এই ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে।

‘’২৭৯১ গৰাকীয়ে আৰোগ্য লাভ কৰিছে। দুৰ্ভাগ্যজনকভাৱে আমি এতিয়ালৈকে ১৩গৰাকী সতীৰ্থক হেৰুৱাইছো,’’-শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে কয়।

আনহাতে, দেওবাৰে চিৰাং আৰক্ষীয়ে এগৰাকী কৰ’না যোদ্ধা হিচাপে কোভিড-১৯ৰ সৈতে যুঁজত জীৱন হেৰুওৱা বিজনী আৰক্ষী থানাত নিয়োজিত আছাম পুলিছ ৰেডিঅ’ অৰ্গেনাইজেশ্যনৰ সহকাৰী উপ পৰিদৰ্শক (অভিযান) কামেশ্বৰ লহকৰলৈ শ্ৰদ্ধাঞ্জলি আগবঢ়ায়।

যোৱা ১৯ আগষ্টত লহকৰৰ মৃত্যু হৈছিল।

ইপিনে, অসমত দেওবাৰে ১২৭২গৰাকী ব্যক্তিৰ কোভিড১৯ পজিটিভ চিনাক্ত হৈছে।

পজিটিভ চিনাক্তসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ২৮০ আৰু কাছাৰৰ ১৩৪গৰাকী ব্যক্তি।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰে।

আনহাতে, আৰু আঠগৰাকী কোভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, দেওবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ২৪২লৈ বৃদ্ধি পাইছে।

নতুনকৈ পজিটিভ চিনাক্তসকলক ধৰি অসমত চিনাক্ত মুঠ কোভিড আক্ৰান্তৰ সংখ্যা ৯০,৭৪০লৈ বৃদ্ধি পাইছে।

সেইদৰে, অসমত বৰ্তমান সক্ৰিয় কোভিড পজিটিভ ব্যক্তিৰ সংখ্যা হৈছে ২২,৮৫৪ গৰাকী।