NORTHEAST NOW (Assamese)
অসম

টীয়কৰ কাকজান নদীৰ ছিঙা বান্ধে নষ্ট কৰিছে বিঘাই বিঘাই কৃষিভূমি

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক August 28, 2020 2:05 pm

যোৰহাট জিলাৰ টীয়কৰ কাকজান নদীৰ বানে ছিগা অংশই বিপদ মাতিছে বৃহত্তৰ কাকজান ঢাৰিগাৱৰ কৃষি পথাৰলৈ।

সুতি সলাইছে ককাজন নদীয়ে।ঢাৰিগাঁও অঞ্চলৰ কেইবাটাও অঞ্চলত  নদীৰ বান্ধ ছিগাৰ ফলত ঢাৰিগাওঁ পথাৰৰ মাজেৰে বৈ যোৱা সুঁতিয়ে অঞ্চলৰ বহু কৃষি ভূমিৰ অনিষ্ট কৰিছে ফলত কৃষকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

নদীখনে সুঁতি সলোৱাৰ ফলত পথাৰখনৰ দ অংশ সমূহ এতিয়া পিতনিলৈ পৰ্য্যবেশিত হৈছে। ৰাইজে জনপ্ৰতিনিধি তথা পঞ্চায়তক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাছতো কোনো ফল পোৱা নাই।

অৱশ্যে এই দীৰ্ঘদিনীয়া সমস্যাটো ৰাইজে শ্ৰম দানেৰে কেইবাৰো সমাধান কৰিবলৈ চেষ্টা কৰিছিল যদিও এই পৰ্যন্ত সফল হ’ব নোৱাৰিলে।

সেয়ে অনতি পলমে নদীখনৰ খনন আৰু বান্ধটো পুনৰ কটকটীয়াকৈ নিৰ্মাণৰ বাবে দাবী জনাইছে ভুক্তভোগী ৰাইজে।

যদিহে অঞ্চলবাসীৰ দাবী মানি নলয় তেন্তে আগন্তুক দিনত জন প্ৰতিনিধিসকলৰ বিৰুদ্ধে তীব্ৰ আন্দোলন কৰিব বুলি হুংকাৰ দিছে।