NORTHEAST NOW (Assamese)
অসম

কৰ’নাৰ ছেকেণ্ড ৱেভ আৰম্ভ! ইজৰাইলে পুনৰ ঘোষণা কৰিলে সম্পূৰ্ণ লকডাউন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 14, 2020 10:47 am
WhatsApp Image 2020-09-14 at 10.27.06 AM

কৰ’নাৰ ছেকেণ্ড ৱেভ যে আহিব পাৰে সেয়া পূৰ্বেই সতৰ্ক কৰি দিয়া হৈছিল। তদুপৰি, লকডাউন প্ৰত্যাহাৰ হ’লেই পুনৰ সংক্ৰমণ বিয়পিব পাৰে বুলি বিজ্ঞানীসকলে আশংকা প্ৰকাশ কৰিছিল।

লকডাউন প্ৰত্যাহাৰৰ পাছত ইজৰাইলত নতুনকৈ আৰম্ভ হৈছে সংক্ৰমণ। দেশখনত নতুনকৈ বহুলোক আক্ৰান্ত হৈছে।

সেয়েহে, ইজৰাইলৰ প্ৰধান মন্ত্ৰী নেতান্যাহুৱে দেশখনত নতুনকৈ পুনৰ লকডাউন ঘোষণা কৰিছে।

প্ৰধান মন্ত্ৰীগৰাকীয়ে গোটেই দেশজুৰি লকডাউনৰ কথা ঘোষণা কৰিছে।

পৰৱৰ্তী তিনি সপ্তাহৰ বাবে দেশজুৰি লকডাউন ঘোষণা কৰি স্থানীয় প্ৰশাসনক লকডাউন পালনৰ ক্ষেত্ৰত কঠোৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে।

প্ৰধান মন্ত্ৰী নেতান্যাহুৱে আগন্তুক তিনি সপ্তাহ দেশৰ সকলো নাগৰিককে ঘৰৰ বাহিৰলৈ ওলাই নাহিবলৈ আহ্বান জনাইছে।

কৰ’না নিয়ন্ত্ৰণৰ ক্ষেত্ৰত দেশখনে এইবাৰ কঠোৰ ব্যৱস্থা গ্ৰহণৰ ইংগিত দি দেশৰ নাগৰিকসকলক চৰকাৰৰ ফালৰ পৰা সতৰ্ক কৰি দিয়া হৈছে।