NORTHEAST NOW (Assamese)
অসম

মৰিয়নীৰ ঢেকিয়াজুলি বাগিচাৰ পুখুৰীত হাত-ভৰি বন্ধা অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ

Posted by: নীৰ্মলেন্দু পাঠক Updated by: নীৰ্মলেন্দু পাঠক October 27, 2020 9:25 am
‌deadbody

বিজয়া দশমীৰ উলহ-মালহৰ মাজতে মৰিয়নী আৰক্ষী থানাৰ অন্তৰ্গত ঢেকিয়াজুলি চাহ বাগিছাত উদ্ধাৰ হোৱা এটা মৃতদেহে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বাগিচাখনৰ এটা পুখুৰীত কালি হাত-ভৰি বন্ধা অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা কৰিছে।

আৰক্ষীয়ে মৃত যুৱকজন ঢেকিয়াজুলি চাহ বাগিচাৰ ১২ নং লাইনৰ নিবাসী মঙলু মুণ্ডাৰ পূত্ৰ বিকি মুণ্ডা( ২৪)বুলি চিনাক্ত কৰিছে।

আৰক্ষীয়ে জনোৱা মতে মৃত বিকি যোৱা শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল।

বাগিচাৰ বৰ পুখুৰীত বিয়লি পাঁ‌চ মান বজাত কালি ওপঙি থকা অৱস্থাত যুবকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে মৃতদেটো উদ্ধাৰ কৰে।

এই সন্দৰ্ভত বাগিচাখনৰ শিৱ প্ৰসাদ ভূঞা ওৰফে গোপাল আৰু শান্তনু ৰাও নামৰ যুৱক দুজনৰ বিৰুদ্ধে মৃত যুৱকজনৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছে।