NORTHEAST NOW (Assamese)
অসম

সীমান্তৰ পৰা সুৰক্ষা বাহিনী প্ৰত্যাহাৰ নকৰে মিজোৰামে : গৃহ মন্ত্ৰী লালচামলিয়ানা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 30, 2020 1:24 pm

অসম-মিজোৰাম সীমান্তৰ পৰা সুৰক্ষা বাহিনী প্ৰত্যাহাৰ কৰা নহ’ব বুলি পুনৰ এবাৰ স্পষ্ট কৰি দিছে মিজোৰামৰ গৃহ মন্ত্ৰী লালচামলিয়ানাই।

অসমৰ কাচাৰ জিলা প্ৰশাসনে মিজোৰাম চৰকাৰক সীমান্তৰ পৰা সুৰক্ষা বাহিনী প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনোৱাৰ পিছতে লালচামলিয়ানাই এই মন্তব্য কৰিছে।

সীমান্ত সম্বন্ধীয় এখন বৈঠকৰ পিছতে গৃহ মন্ত্ৰী গৰাকীয়ে কয় যে বেংগল ইষ্টাৰ্ণ ফ্ৰন্টিয়াৰ ৰেগুলেশ্যন, ১৮৭৩ৰ অধীনত মিজোৰাম চৰকাৰে ১৮৭৫ চনৰ সীমা নিৰ্ধাৰণ অধিসূচনাৰ জৰিয়তে অসম আৰু মিজোৰামৰ প্ৰকৃত সীমান্ত বুলি মানি লৈছে।

এইটো ৰাজ্যখনৰ ঐতিহাসিক সীমান্ত যিটো মিজোসকলৰ পূৰ্বপুৰুষৰ দিনৰ পৰাই মানি অহা হৈছে বুলিও তেওঁ লগতে কয়।

ইফালে ৩০৬ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰা প্ৰসংগত তেওঁ কয় যে সীমান্তক কেন্দ্ৰ কৰি সমস্যাৰ সৃষ্টি হৈছে আৰু ইয়াক সাম্প্ৰদায়িক ৰং দিয়াৰ চেষ্টা চলাব নালাগে।

ইয়াৰ উপৰি তেওঁ দুয়োখন ৰাজ্যৰে সীমান্তত বসবাস কৰা লোকসকলক শান্তি-সম্প্ৰীতিৰে থাকিবলৈ আহ্বান জনায়।

আনহাতে সীমাকেন্দ্ৰিক বিবাদ দুয়োখন চৰকাৰে নিষ্পত্তি কৰিব বুলিও মন্তব্য কৰে।