NORTHEAST NOW (Assamese)
অসম

আছুৰ পৰা লুৰিনজ্যোতি গগৈৰ পদত্যাগ; কি কৰিব এতিয়া আছুনেতা গৰাকীয়ে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 22, 2020 7:17 am
Lurinjyoti-Gogoi-1140x570

সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই দুলীয়াজানত অনুষ্ঠিত হৈ থকা সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ অধিৱেশনত সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে শনিবাৰে পদত্যাগ কৰে।

লুৰিনজ্যোতি গগৈয়ে আছু আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদৰ উদ্যোগত গঠন হোৱা নতুন ৰাজনৈতিক দল অসম জাতীয় পৰিষদ(এজেপি)ত যোগদান কৰিব।

আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যয়ো সংগঠনটোৰ পৰা অব্যাহতি ল’ব বুলি ঘোষণা কৰিছে।

শুকুৰবাৰে ভট্টাচাৰ্যই আছুৰ কৰ্মীসকলে তেওঁৰ পদত্যাগৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ কৰা অনুৰোধৰ সময়ত আবেগ-বিহ্বল হৈ পৰিছিল।

আনহাতে, আছুৰ সভাপতি দীপাংক নাথেও আছুৰ পৰা পদত্যাগ কৰি শীঘ্ৰেই এজেপিত যোগদান কৰিব। আছুৰ সভাপতি আৰু সম্পাদকগৰাকীয়ে পদত্যাগ কৰাৰ পাছতেই দুলীয়াজান অধিৱেশনতেই নতুন নেতৃত্বই দায়িত্বভাৰ গ্ৰহণ কৰিব।

কা’ বিৰোধী প্ৰতিবাদৰ সময়ত সৰৱ ভূমিকা পালন কৰা লুৰিনজ্যোতি গগৈয়ে অধিৱেশনত এক আবেগিক ভাষণৰ পাছত আছুৰ পৰা পদত্যাগৰ কথা ঘোষণা কৰে।

২০২১’ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ কথা ঘোষণা কৰি যোৱা ছেপ্টেম্বৰত এজেপি গঠন কৰা হৈছিল।

বাতৰি অনুসৰি, লুৰিনজ্যোতি গগৈয়ে অহা বিধানসভাৰ নিৰ্বাচনত এজেপি দলৰ প্ৰাৰ্থী হিচাপে দুলীয়াজান সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব।

দুলীয়াজানত অনুষ্ঠিত হৈ থকা অধিৱেশনত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৮০০০আছু প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে।