NORTHEAST NOW (Assamese)
অসম

স্বামীৰ পুৰুষত্বক লৈ সন্দেহ নৱ পৰিণীতাৰ; নিজকে সক্ষম প্ৰমাণ কৰিবলৈ যুৱকে কৰিলে এই কাণ্ড!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 7, 2020 11:43 am
images

নৱ বিবাহিতা পত্নীৰ সৈতে যৌন সম্পৰ্কত অনীহাৰ অভিযোগ। মাহৰ পাছত মাহ পাৰ হৈ যোৱাৰ পাছতো কাষ চপা নাই পত্নীৰ। সেয়ে, স্বামীক যৌন মিলনত অক্ষম বুলিয়েই ধৰি লৈছিল যুৱতী পত্নীয়ে।

লাহে লাহে সন্দেহৰ মাত্ৰা গভীৰ হৈ পৰাত স্বামীক এৰি পিতৃৰ ঘৰলৈ গুচি যায় পত্নী। কিন্তু সেই পত্নীৰ মন জয় কৰিবলৈ দস্তুৰমতে পৰীক্ষা দি নিজৰ সক্ষমতা প্ৰমাণ কৰিবলগীয়া হ’ল যুৱক স্বামীয়ে।

ঘটনা অনুসৰি, লকডাউনৰ পূৰ্বে বিয়া ঠিক হৈছিল। কিন্তু কৰ’না সংকটৰ বাবে সকলো পৰিকল্পনা ভংগ হোৱাৰ উপক্ৰম। পিচে, বিয়া বাতিল কৰাৰ পৰা বিৰত থাকিল দুই পৰিয়াল। অনুষ্টুপীয়াকৈ পতা অনুষ্ঠানতে দুয়োকে যুগ্ম জীৱনৰ পাতনি মেলাৰ বাবে আশীৰ্বাদ দিয়া হয়।

যোৱা ২৯ জুনত ভূপালত অনুষ্ঠিত হৈ যায় দুয়োৰে বিয়াৰ অনুষ্ঠান। কিন্তু বিয়াৰ পাছত দুয়োৰে যুগ্মজীৱনত নাবাঢ়িল উত্তাপ। নৱ পৰিণীতাৰ দাবী যে বিয়াৰ পাছত তেওঁলোকে একেটা ঘৰতে থাকিলেও স্বামীয়ে তেওঁক এবাৰো স্পৰ্শ কৰি চোৱা নাই। বহুকেইবাৰ স্বামীৰ কাষলৈ যোৱাৰ চেষ্টা কৰিলেও সম্পৰ্কৰ কোনো পৰিৱৰ্তন হোৱা নহ’ল। বৰঞ্চ দিনে দিনে দূৰত্ব বাঢ়ি হে গ’ল।

এসময়ত স্বামীৰ যৌন সক্ষমতাক লৈ নৱ পৰিণীতাৰ মনত প্ৰশ্ন জাগি উঠিল। অৱশেষত বাধ্য হৈ বিচ্ছেদৰ কথা চিন্তা কৰিলে। কাৰণ উল্লেখ কৰি বিবাহ বিচ্ছেদৰ সিদ্ধান্ত ল’লে। খা-খৰচ বিচাৰি দাবীও তোলে। শহুৰৰ ঘৰৰ ত্যাগ কৰি পিতৃৰ ঘৰত থাকিবলৈ আৰম্ভ কৰে যুৱতী।

ইপিনে, পত্নীক বুজোৱাৰ চেষ্টা কৰে যুৱকে। সংশ্লিষ্ট কৰ্তৃপক্ষই যুৱকক অৱশেষত মাতি পঠিয়ায়।

নৱ বিবাহিত যুৱকে স্পষ্টকৈ জানিবলৈ দিলে যে যৌন মিলনৰ ক্ষেত্ৰত তেওঁৰ কোনো শাৰীৰিক সমস্যা নাই। যুৱকৰ দাবী যে তেওঁ ইয়াৰ বাবে শাৰীৰিক পৰীক্ষা কৰেষ শুকুৰবাৰে অহা পৰীক্ষাৰ ফলাফলত যুৱকৰ দাবীয়েই সঠিক বুলি প্ৰমাণিত হয়। যুৱকৰ শাৰীৰিক কোনো বিসংগতি নাই।

কিন্তু পত্নীৰ সৈতে যৌন মিলনত যুৱকৰ আপত্তি কিয়? অৱশেষত যুৱকে ভাঙি পাতি ক’লে ইয়াৰ ৰহস্য।

যুৱকে কয় যে বিয়াৰ সময়ত পত্নীৰ পৰিয়ালৰ বহুতেই কৰ’না আক্ৰান্ত আছিল। তেওঁৰ পত্নীও কৰ’নাত আক্ৰান্ত বুলি তেওঁৰ সন্দেহ হৈছিল। সেয়ে পত্নীৰ সৈতে কিছু দূৰত্ব ৰাখি চলিছিল। পিচে, পত্নীৰ সৈতে এইবাৰ তেওঁৰ সম্পৰ্কৰ অৱনতি ঘটিব বুলি আশা কৰিছে যুৱকে।

এই ঘটনাক লৈ বাস্তৱিকতে ভূপালত আলোড়নৰ সৃষ্টি কৰে। অৱশ্যে, নৱ পৰিণীতা যুৱতীয়েও এইবাৰ যুৱ স্বামীৰ প্ৰেমৰ উদ্দাম জোৱাৰত আত্মসমৰ্পন কৰিবলৈ সাজু হৈছে।