NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ উদ্যোগত আৰু লাহিং থিয়েটাৰ সহযোগত টীয়কত ‘এৰাল’ নাটক মঞ্চস্থ

Posted by: নীৰ্মলেন্দু পাঠক Updated by: নীৰ্মলেন্দু পাঠক December 13, 2020 3:39 pm
Screenshot_2020-12-13-14-28-21_1

যোৰহাট জিলাৰ টীয়কৰ লাহিং বালিজনীয়া গাঁৱৰ লাহিং থিয়েটাৰৰ প্ৰাঙ্গণত কালি ১২ ডিচেম্বৰৰ সন্ধিয়া ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ উদ্যোগত আৰু লাহিং থিয়েটাৰ(এ থ্ৰেয়েটিকেল গ্ৰুপৰ) সহযোগত ‘এৰাল’ নামৰ এখনি সামাজিক নাটক মঞ্চস্থ কৰা হয়৷

চিজিজি থিয়েটাৰৰ নিবেদনত দুটা দৰ্শনীত প্ৰদৰ্শন হোৱা এই নাটকখনিৰ নিৰ্দেশনা বাবী বৰুৱাৰ আৰু অভিনয় কৰে বৰ্ণালী বৰা, ভৰত চুতীয়া, হীৰক চুতীয়া আৰু ৰিম্পী গগৈয়ে৷

উল্লেখ্য যে মুকলি পৰিৱেশৰ মাজত এই নাটক প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছিল আৰু ‘এৰাল’ উপভোগ কৰি দৰ্শকসকল মন্ত্ৰমুগ্ধ হৈ পৰাৰ লগতে অভিনেতা-অভিনেত্ৰীসকলৰ সুদক্ষ অভিনয়ক সকলোৱে ভূয়সী প্ৰশংসা কৰে৷