NORTHEAST NOW (Assamese)
অসম

আজিও চিকিৎসালয়তে থাকিব সৌৰভ গাংগুলী; সবিশেষ জনালে হাস্পতাল কৰ্তৃপক্ষই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 6, 2021 1:01 pm

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বৰ্তমানৰ বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে আৰু এদিন চিকিৎসালয়তে কটাব।

কলকাতাৰ উডলেণ্ড হাস্পতাল কৰ্তৃপক্ষই বুধবাৰে গাংগুলীৰ স্বাস্থ্য ভালে থকা বুলি মন্তব্য কৰি এই কথা জানিবলৈ দিয়ে।

চিকিৎসালয়খনৰ চিকিৎসকে জানিবলৈ দি কয় যে গাংগুলীয়ে আৰু এদিন চিকিৎসালয়ত থাকিব বিচাৰিছে, সেয়ে তেওঁ বৃহস্পতিবাৰে ঘৰলৈ আহিব।

উল্লেখ্য যে যোৱা শনিবাৰে পুৱা সৌৰভ গাংগুলী হৃদৰোগত আক্ৰান্ত হৈ কলকাতাৰ নিজৰ ঘৰতে ঢলি পৰে।

বুকুত তীব্ৰ বিষ অনুভৱ কৰা সৌৰভ গাংগুলীক ততাতৈয়াকৈ দক্ষিণ কলকাতাৰ উডলেণ্ড চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

পৰীক্ষা-নিৰীক্ষাৰ অন্তত  সৌৰভ গাংগুলী মৃদু হৃদৰোগত আক্ৰান্ত আৰু তেওঁ শীঘ্ৰে বিপদমুক্ত হৈ উঠিব বুলি চিকিৎসকে প্ৰকাশ কৰিছিল।

ইফালে সাধাৰণ হৃদৰোগত আক্ৰান্ত গাংগুলীৰ ইয়াৰ ফলত কোনোধৰণৰ আভ্যান্তৰীণ আৰু বাহ্যিক অংগ-প্ৰত্যংগৰ ক্ষতি হোৱা নাই বুলি মন্তব্য কৰিছে চিকিৎসকে।

চিকিৎসকৰ মতে, গাংগুলীয়ে ইচ্ছা প্ৰকাশ কৰিলে মাৰাথন দৌৰত অংশ ল’ব পাৰিব, উৰাজাহাজ উৰুৱাব পাৰিব লগতে ক্ৰিকেটলৈয়ো উভতিব পাৰিব।