NORTHEAST NOW (Assamese)
অসম

ষ্ট্ৰং ৰূমৰ পহৰাত নিয়োজিত ৰাজনৈতিক দলৰ কৰ্মীক সান্ধ্য আইনৰ আওতাৰ পৰা ৰেহাই প্ৰদান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 27, 2021 9:00 pm
night-cuirfew-750x375

অসমত কোভিড নিয়ন্ত্ৰণৰ বাবে লোৱা সতৰ্কতাৰ অংশ হিচাপে অসমৰ মুখ্যসচিবে আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ ১ মে’লৈ নিশা ৮ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি কৰিছে।

এই নৈশ সান্ধ্য আইনৰ আওতাৰ পৰা বিভিন্ন জৰুৰীকালীন সেৱাক ৰেহাই দিলেও ইভিএম ৰখা ষ্ট্ৰং ৰূমৰ পহৰাত নিয়োজিত বিভিন্ন ৰাজনৈতিক দলৰ কৰ্মীক ৰেহাই নিদিয়াকলৈ প্ৰশ্নৰ উত্থাপন কৰে ৰাজ্যৰ কেতবোৰ ৰাজনৈতিক দলে।

“কোভিডৰ দ্ৰুত সংক্ৰমণলৈ চাই সতৰ্কমূলক পদক্ষেপ গ্ৰহণৰ নিশ্চয় প্ৰয়োজন আছে। কিন্তু মাত্ৰ ৫ দিনৰ বাবে এনে সান্ধ্য আইনে পৰিস্থিতি কিমান উন্নত কৰিব সেই সম্পৰ্কে স্বাভাৱিকতে সংশয়ৰ উদ্ৰেক হয়। হঠাতে এইদৰে ৫ দিনৰ বাবে সান্ধ্য আইন জাৰি কৰাৰ যুক্তিযুক্ততা সম্পৰ্কে জনসাধাৰণে পতিয়ন যাব পৰাকৈ চৰকাৰে বাখ্যা আগবঢ়োৱা উচিত।” এইদৰে মন্তব্য  কৰিছিল চি পি আই (এম)ৰ ৰাজ্যিক নেতৃত্বই।

ইয়াৰ পিছতে অসন ৰাজ্যিক দুৰ্যোগ প্ৰশমন কৰ্তৃপক্ষৰ কাৰ্যবাহী বিষয়া জ্ঞানেন্দ্ৰ ত্ৰিপাঠীয়ে এক নিৰ্দেশনাৰ যোগে ষ্ট্ৰং ৰূমৰ পহৰাত নিয়োজিত বিভিন্ন ৰাজৈনাতিক দলৰ সদস্যক নৈশ সান্ধ্য আইনৰ আওতাৰ পৰা ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে।

উল্লেখযোগ্য যে অসমত ভোট গ্ৰহণ প্ৰক্ৰিয়া ৬ এপ্ৰিলত অন্ত পৰিছে আৰু ইভিএমসমূহ তেতিয়াৰে পৰা ষ্ট্ৰং ৰুমত ৰখা হৈছে। বিভিন্ন দলৰ তথা প্ৰাৰ্থীসকলৰ কৰ্মীসকলে এই ষ্ট্ৰং ৰূমত পাল পাতি পহৰা দি আহিছে।

কিন্তু আজি দিনৰ ভাগত জাৰি কৰা নিৰ্দেশনাত নৈশ সান্ধ্য আইনৰ আওতাৰ পৰা এইসকল কৰ্মীক ৰেহাই দিয়া হোৱা নাছিল।

উল্লেখ্য যে অহা ২ মে’ত অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা কৰি আৰু ফলাফল ঘোষণা কৰা হ’ব।