NORTHEAST NOW (Assamese)
Popular Stories

ক’ভিড লকডাউন : দিল্লীত ১০,০০০ প্ৰব্ৰজিত শ্ৰমিকক খাদ্য সামগ্ৰী বিতৰণ কৰিব ছানি লিয়নীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 6, 2021 5:22 pm

ক’ভিড পৰিস্থিতি প্ৰব্ৰজিত শ্ৰমিকসকলে নানাধৰণৰ আহুকালৰ সম্মুখিন হৈ আহিছে।

যোৱা বৰ্ষত অসংখ্য প্ৰব্ৰজিত শ্ৰমিকৰ দুৰ্দশাৰ কথা সকলোৱে জানে।

শেহতীয়াকৈ বলিউডৰ অভিনেত্ৰী ছানি লিঅ’নী এই শ্ৰমিকসকলৰ বাবে আগবাঢ়ি আহিছে।

পেটাই (PETA) আৰু উদয় ফাউণ্ডেচন নামৰ এটা এনজিঅ’ই আয়োজন কৰা কৰ্মসূচীত ভাগ ল’ব অভিনেত্ৰীগৰাকীয়ে।

সেই মৰ্মে ৰাজধানী দিল্লীত ১০,০০০ জন প্ৰব্ৰজিত শ্ৰমিকক খাদ্য সামগ্ৰী যোগান ধৰা হ’ব।

খাদ্যসমূহ হ’ব চাউল, দাইল, খিচিৰি আৰু ফল-মূল।

এই সম্পৰ্কত ছানি লিঅ’নীয়ে কয় যে সংকটৰ সময়ছোৱাত এই মানৱীয় প্ৰচেষ্টাত ভাগ ল’বলৈ পাই তেওঁ যথেষ্ট উৎসাহী।

মহমাৰীৰ এই সময়ছোৱাত হাজাৰ হাজাৰ দৰিদ্ৰ লোকে প্ৰটীনসমৃদ্ধ নিৰামিষ খাদ্য খাবলৈ পোৱাৰ প্ৰয়োজন বুলিও তেওঁ এটা বক্তব্যত কয়।

অৱশ্যে কেৱল ছানি লিঅ’নীয়েই নহয়, ক’ভিডৰ সময়ছোৱাত বহুকেইজন বলিউদী তাৰকাই প্ৰব্ৰজিত শ্ৰমিক আৰু স্বাস্থ্যকৰ্মীসকলৰ বাবে খাদ্যসামগ্ৰীৰ যোগান ধৰি আহিছে।

উদাহৰণস্বৰূপে ছলমান খানে মুম্বাইৰ ৱৰ্লী আৰু জুহু অঞ্চলত ট্ৰাকযোগে খাদ্য সামগ্ৰী বিতৰণ কৰিছে।

ইয়াৰ উপৰিও শিল্পা চেট্টী, ছনু সুদ, ভূমি পেডনেকাৰ, জেকুলিন ফাৰ্ণাণ্ডেজ, অক্ষয় কুমাৰ, ভিকী কৌশল, প্ৰিয়ংকা চোপ্ৰাইও নিজা নিজা উদ্যোগ হাতত লৈছে।