NORTHEAST NOW (Assamese)
অসম

মঙলদৈ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব নুৰুদ্দিন আহমেদ ছিনিয়ৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমি ফাইনেল

Posted by: ময়ুখ গোস্বামী April 4, 2018 8:21 pm
Cricket

মঙলদৈ ষ্টেডিয়ামত অসম ক্ৰিকেট সংস্থাই আয়োজন কৰা নুৰুদ্দিন আহমেদ ছিনিয়ৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ ৩ খন কোৱাৰ্টাৰ ফাইনেল আৰু ১ খন ছেমি ফাইনেল খেল  অনুষ্ঠিত কৰা হ’ব।

আয়োজকসকলে ইতিমধ্যে উক্ত ষ্টেডিয়ামখনত নৰুদ্দিন আহমেদ ছিনিয়ৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ খেলসমূহ আয়োজন কৰাৰ সকলো প্ৰকাৰৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।

মঙলদৈ স্পৰ্টছ এছোচিয়েশ্যনৰ কাৰ্যালয়ৰ কৰ্মী বিপুলজ্যোতি শৰ্মাই জনাইছ যে এপ্ৰিলৰ ৬ তাৰিখৰ পৰা মঙলদৈ ষ্টেডিয়ামত খেলসমূহ অনুষ্ঠিত হ’ব। প্ৰথম দুদিনৰ কোৱাৰ্টাৰ ফাইনেলত যোৰহাট দলে বঙাইগাওঁৰ বিৰুদ্ধে খেলিব।

এপ্ৰিলৰ ৯ আৰু ১০ তাৰিখে নুষ্ঠিত হ’বলগীয়া নুৰুদ্দিন আহমেদ ছিনিয়ৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ পৰৱৰ্তী কোৱাৰ্টাৰ ফাইনেলত নগাওঁ দলে লখিমপুৰ দলৰ বিৰুদ্ধে খেলিব।

এপ্ৰিলৰ ১৮ আৰু ১৯ তাৰিখে অনুষ্ঠিত হ’বলগীয়া তৃতীয় আৰু অন্তিমখন কোৱাৰ্টাৰ ফাইনেলত গুৱাহাটীয়ে শিলচৰৰ বিপক্ষে খেলিব।

নুৰুদ্দিন আহমেদ ছিনিয়ৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ একমাত্ৰ ছেই-ফাইনল খেলখন শীৰ্ষ দুটা দল বনাম  শীৰ্ষ তিনিটা দলৰ মাজত এপ্ৰিলৰ ২১ৰ পৰা ২৩ তাৰিখলৈ অনুষ্ঠিত কৰা হ’ব বুলি বিপুলজ্যোতি শৰ্মাই জনাইছে।

মঙলদৈত অনুষঠিত হ’বলগীয়া নুৰুদ্দিন আহমেদ ছিনিয়ৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ খেলকেইখন উপভোগ কৰাৰ বাবে যথেষ্ট সংখ্যক দৰ্শক সমৱেত হ’ব বুলি আয়োজকসকল আশাবাদী।