NORTHEAST NOW (Assamese)
অসম

Man-Elephant conflict হাতী-মানুহৰ সংঘাত নিৰসনত সফল প্ৰকৃতিপ্ৰেমীৰ মডেল; কৃষকে নিৰ্বিঘ্নে চপালে সোণোৱালী শইচ

Posted by: ৰিদীপ শৰ্মা, কলিয়াবৰ Updated by: ৰিদীপ শৰ্মা, কলিয়াবৰ November 23, 2021 12:55 pm
Wild elephant food

Man-Elephant conflict নগাঁও-কাৰ্বিআংলং সীমান্তত বন্যহস্তীৰ বাবে কৰা খেতিৰ সফল পৰিসমাপ্তি ঘটিল। কেইবাটাও বন্যহস্তীৰ জাকে খাই সমুদায় অন্ত পেলালে প্ৰায় ২০০ বিঘাৰ এই বিশেষ ধাননি।

বন্যহস্তীৰ খাদ্যৰ বাবে সীমান্তৱৰ্ত্তী হাতীখলি ৰংহাং গাঁৱৰ পথাৰত কৰা কৃষি কাৰ্য্যৰ তৃতীয় বছৰতো হোৱা সফল পৰিসমাপ্তিয়ে এতিয়া আনন্দ আৰু সন্তুষ্টিৰ জোৱাৰ আনিছে বৃহত্তৰ অঞ্চলটোৰ কৃষক ৰাইজৰ মাজত।

কিয়নো নিৰ্দিষ্ট সময়ৰ ভিতৰত ভৈয়ামৰ কৃষক ৰাইজে কোনো অসুবিধা নোহোৱাকৈয়ে পথাৰৰ পৰা নিজৰ-নিজৰ খেতি ঘৰলৈ চপাই প্ৰায় অন্ত পেলাইছে।

Also Read: Water Crisis Impact তীব্ৰ জল সংকটৰ আশংকা! এটি বিজ্ঞাপন প্ৰকাশৰ পিছতে হাহাকাৰ বাক্সাৰ বৃহত্তৰ আঙৰকাটাবাসীৰ

উল্লেখ্য যে, ভৈয়ামৰ কৃষক ৰাইজে খেতি চপোৱাৰ সময়ত খাদ্যৰ সন্ধানত কাৰ্বি পাহাৰৰ পৰা নামি অহা বন্যহস্তীৰ জাকে খেতি পথাৰত সৃষ্টি কৰা উপদ্ৰৱৰ পৰা ৰক্ষা কৰিবৰ বাবে হাতীখলি-ৰংহাং গাঁৱৰ স্থানীয় ৰাইজৰ পূৰ্ণ সহযোগিতাত “হাতীবন্ধু” নামৰ এটা প্ৰকৃতিপ্ৰেমী সংগঠনৰ উদ্যোগত তথা গুৱাহাটীৰ জ্যেষ্ঠ নাগৰিক প্ৰদীপ কুমাৰ ভূঞাৰ পৃষ্ঠপোষকতা আৰু চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাৰ সবল নেতৃত্বত গাওঁ খনৰ পাহাৰতলীয়া পথাৰৰ ২০০ বিঘা মাটিত পূৰ্বৰ দুটা বছৰৰ দ্বৰেই এই বছৰো কৰা হৈছিল ধান খেতি।

 এইবেলি তৃতীয় বছৰো ভৈয়ামৰ কৃষকে খেতি চপোৱাৰ সময়ত বহুদিন ধৰি বন্যহস্তীৰ কেইবাটাও জাকক দুলুহঁতে একপ্ৰকাৰে আবদ্ধ কৰি ৰাখিবলৈ সক্ষম হয় হাতীখলি-ৰংহাং গাঁৱৰ বিশেষ ধাননি পথাৰখনত।

Also Read: Priyanka Chopra স্বামীৰ জোনাছ উপাধি অঁতৰোৱাৰ পাছতে বিচ্ছেদক লৈ চৰ্চাত নিক-প্ৰিয়ংকা; কি হৈছে ‘দেশী গাৰ্ল’ৰ?

ৰাজ্যৰ আন-আন অঞ্চল সমূহতো হাতী-মানুহৰ সংঘাত দূৰ কৰিবৰ বাবে চৰকাৰ তথা সংশ্লিষ্ট বন বিভাগৰ উদ্যোগত অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰিলে অথবা হাতীৰ খাদ্য যোগান ধৰিব পৰাকৈ দুলুহঁতৰ দৰেই উপযুক্ত স্থানত নেফিয়াৰ, ঝাউ, ঔটেঙা, কুম্ভীৰ আদি বিভিন্ন প্ৰজাতিৰ উদ্ভিদ ৰোপণ কৰিলে সমগ্ৰ ৰাজ্যতে সংঘাত ৰোধৰ ক্ষেত্ৰত সুফল পোৱা যাব বুলি আশাবাদী প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰা।

ইফালে হস্তী-মানৱৰ সংঘাত প্ৰৱণ অঞ্চল হিচাপে পৰিগণিত গোলাঘাটৰ থোৰামুখতো ইতিমধ্যেই সফল হোৱাৰ পথত “হাতীবন্ধু” তথা দুলুহঁতৰ এই বিশেষ মডেলটো।