NORTHEAST NOW (Assamese)
অসম

পল্লৱী বুঢ়াগোঁহাইৰ ‘কুঁহিপাতৰ বীণ’ আৰু বীণাপাণি ডেকাৰ ‘ঋতুস্নাতাৰ সেউজ মন’ কাব্যগ্ৰন্থ উন্মোচন

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ January 10, 2022 7:25 am
WhatsApp Image 2022-01-09 at 6.36.07 PM

দেওবাৰে তিনিচুকীয়াৰ পানীতোলাৰ জেৰাই চকলি ভৰীয়া প্ৰাথমিক বিদ্যালয়ত দুখনকৈ কাব্যগ্ৰন্থ উন্মোচন কৰা হয়।

নৱপ্ৰজন্মৰ লেখিকা পল্লৱী বুঢ়াগোঁহাইৰ ‘কুঁহিপাতৰ বীণ’ আৰু বিশিষ্ট কবি লেখিকা বীণাপাণি ডেকাৰ ‘ঋতুস্নাতাৰ সেউজ মন’ নামৰ দুখন কাব্যগ্ৰন্থ উন্মোচন কৰে বিশিষ্ট সমাজকৰ্মী বিমল বৰুৱাই।

পানীতোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ অনিল গোঁহাইয়ে সভাপতিত্ব কৰা কাব্যগ্ৰন্থ উন্মোচনী সভাত অৱসৰপ্ৰাপ্ত শিক্ষক দুৰ্গানাথ উজিৰ, সদৌ অসম মটক সন্মিলনৰ উপ সভাপতি গৌৰিকান্ত গোঁহাই, বিচিত্ৰতাৰ ধৰণী সংঘৰ সভাপতি কিৰণ গগৈ, শিল্পী দেবেন গোঁহাই, জিলা পৰিষদৰ সদস্যা তথা বিশিষ্ট সমাজসেৱিকা জোস্না মৰাণ, সমাজ সেৱক মিন্তু ফুকনকে ধৰি বহু গন্য মান্য ব্যক্তি উপস্থিত থাকে।

উল্লেখ্য যে কিছুদিন পূৰ্বে নৱপ্ৰজন্মৰ কবি লেখিকা পল্লৱী বুঢ়াগোঁহাই আৰু বিশিষ্ট  কবি লেখিকা বীণাপাণি ডেকাই যুটীয়াভাৱে দুটামান সেউজীয়া সপোন নামৰ এখনি কাব্যগ্ৰন্থও প্ৰকাশ কৰি উলিয়াইছিল।