NORTHEAST NOW (Assamese)
অসম

কাছাৰৰ জৱাহৰ নবোদয় বিদ্যালয়ত ৯৩জন কোভিডত আক্ৰান্ত; কন্টেইনমেন্ট জ’ন ঘোষণা

Posted by: এন ই নাও নিউজ, শিলচৰ Updated by: এন ই নাও নিউজ, শিলচৰ January 13, 2022 5:38 pm
WhatsApp Image 2022-01-13 at 5.13.22 PM

কাছাৰৰ জৱাহৰ নবোদয় বিদ্যালয়ক কন্টেইনমেন্ট জ’ন ঘোষণা কৰা হৈছে। বিদ্যালয়খনৰ শিক্ষাৰ্থী আৰু কৰ্মচাৰীৰ মাজৰ ৯৩গৰাকী কোভিডত আক্ৰান্ত হোৱাৰ পাছত চৌহদটো ছীল কৰি দিয়া হৈছে।

কাছাৰ জিলাৰ পাইলাপুলত অৱস্থিত জৱাহৰ নবোদয় বিদ্যালয়ৰ কমেও ৮১গৰাকী শিক্ষাৰ্থী আৰু ১২গৰাকী কৰ্মচাৰীৰ দেহত কোভিড পজিটিভ ধৰা পৰিছে।

আক্ৰান্তসকলৰ পজিটিভ নমুনা জেনম ছিকুৱেন্সিঙৰ বাবে প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক: অমানুষিক! নাবালিকাক গণধৰ্ষণ কৰি যৌনাংগত সুমুৱাই দিলে চোকা অস্ত্ৰ! ক’ত এই ঘটনা?

অসমত কোভিড আক্ৰান্তৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাবলৈ লৈছে আৰু দৈনিক সংক্ৰমণৰ ঘটনা যথেষ্ট বৃদ্ধি পাইছে।

বুধবাৰে ৰাজ্যখনত ৩২৭৪গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে আৰু পজিটিভিটিৰ হাৰ প্ৰায় ছয় শতাংশ স্পৰ্শ কৰিছে।