NORTHEAST NOW (Assamese)
অসম

চিপাহীখোলাত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলা অধিৱেশনৰ মূল পতাকা উত্তোলন

Posted by: এন ই নাও নিউজ, টীয়ক January 29, 2022 3:08 pm
Sankar Sangha

যোৰহাট জিলাৰ টীয়কৰ চিপাহীখোলা গজপুৰীয়াৰ কৰ্মযোগী মুখ্যেশ্বৰ শইকীয়া সমন্বয় ক্ষেত্ৰত আৰম্ভ হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলা সমিতিৰ ৬৭ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনা প্ৰথম কাৰ্যসূচী হিচাপে অধিৱেশনৰ মূল ধৰ্মধ্বজ্জা এক সুন্দৰ আধ্যাত্মিক পৰিবেশত উত্তোলন কৰে জিলা শাখা সভাপতিগৰাকীয়ে।পতাকা উত্তোলনৰ লগে লগে উপস্থিত ভকত বৈষ্ণৱে হৰি নামৰ ধ্বনিৰে পৰিবেশ মুখৰিত কৰি তোলে।

ইপিনে ক’ভিডসৃষ্ট পৰিবেশৰ বাবে সাংস্কৃতিক শোভাযাত্ৰা বাতিল কৰাৰ পৰিপ্ৰেক্ষিতত পতাকা উত্তোলনৰ পাছতে উক্ত ক্ষেত্ৰখনত অস্থায়ীভাৱে প্ৰতিষ্ঠা কৰা নামঘৰৰ চাৰিওফালে ভাগৱত ভ্ৰমণ কাৰ্যসূচী গ্ৰহণ কৰে বৈষ্ণৱসকলে।

Sankar Sangha1
ফটো: নৰ্থইষ্ট নাও।

পতাকা উত্তোলন স্থলীৰ পৰা সভাপতিগৰাকীয়ে সকলোকে গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আগবাঢ়ি যাবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত আজিৰ দিনটোত গ্ৰন্থ উন্মোচনকে ধৰি বিয়লি গুৰুজনাৰ অমৰ সৃষ্টি ৰাম বিজয় অংকীয়া ভাওনাখনি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে।