NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰ চহৰৰ মাজমজিয়াত ভূ-মাফিয়াৰ দপদপনি; বেদখল কৰিলে বিশাল চৰকাৰী ভূমি

Posted by: ৰিনয় বসুমতাৰী, কোকৰাঝাৰ Updated by: ৰিনয় বসুমতাৰী, কোকৰাঝাৰ March 15, 2022 5:37 pm
Kokrajhar land mafia warned

কোকৰাঝাৰ চহৰৰ মাজমজিয়াৰ পাথৰঘাটত সেনা ছাউনি প্ৰত্যাহাৰ কৰাৰ পিছতে  বিশাল চৰকাৰী ভূমি বেদখল কৰি ভূ-মাফিয়া চন্দন পাল নামৰ ব্যক্তিগৰাকীয়ে  প্ৰশাসনকে অংগুষ্ঠ প্ৰদৰ্শন কৰে।

প্ৰশাসনক কেৰেপ নকৰি এইদৰে বেদখল কৰা মাটিত ইটা ,বালি আৰু নিমখৰ বস্তা ৰাখি ভাড়াতীয়া গুণ্ডা বাহিনীৰে চন্দন পাল নামৰ অনা অসমীয়া ব্যৱসায়ী গৰাকীয়ে বিশাল ভূমি কব্জা কৰি ৰাখিছে৷

এই ঘটনাকলৈ ইতিমধ্যে বিটিআৰত তুমুল প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে ৷

লগতে পঢ়ক: মহানগৰীৰ গাড়ীগাঁওৰ দলবদ্ধ বলাৎকাৰৰ অভিযুক্ত এজনক গ্ৰেপ্তাৰ

বিটিআৰৰ ভূমি-ৰাজহ বিভাগৰ দায়িত্বত থকা কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে পাথৰঘাটত পদাপৰ্ণ কৰি কোকৰাঝাৰ ৰাজহ চক্ৰ বিষয়া ৰাহুল ফুকনকলৈ চৰজমিন তদন্ত চলায় ৷

উল্লেখ্য যে বেদখলকৃত এই ভূমিখিনি ১৯৯৯ চনত কোকৰাঝাৰ জল সম্পদ বিভাগক আৱন্টন দিয়া হৈছিল ৷

ইপিনে, ভূ-মাফিয়া চন্দন পালৰ এই কু-কীৰ্তিকলৈ সৰৱ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে জলসম্পদ বিভাগক তাৎক্ষণিকভাৱে গোচৰ তৰাৰ নিৰ্দেশ দিয়াৰ লগতে চন্দন পালক গ্ৰেপ্তাৰ কৰাৰো হুংকাৰ দিয়ে।

লগতে পঢ়ক: ৰাভা হাছঙত বঙহৰ যুঁজ! ভূমিপুত্ৰৰ সংগঠনসমূহৰ মাজত তীব্ৰতৰ হৈ উঠিছে মতানৈক্য

বসুমতাৰীয়ে ভূ-মাফিয়া চন্দন পালক ফোনযোগেও ধমক দি চৰকাৰী মাটি দখল কৰাৰ সাহস ক’ত পালে বুলি প্ৰশ্ন কৰে৷