NORTHEAST NOW (Assamese)
অসম

নিউজিলেণ্ডৰ সাগৰৰ পাৰত আৱদ্ধ বহু তিমিৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 19, 2022 11:52 am
Whale dies in Newzealand sea beach

নিউজিলেণ্ডৰ সাগৰৰ পাৰত আৱদ্ধ হৈ পৰি দুই ডজনতকৈও অধিক তিমিৰ মৃত্যু ঘটিছে। প্ৰাণী সংৰক্ষণবিদসকলে এই কথা সদৰী কৰিছে।

দেশখনৰ প্ৰাণী সংৰক্ষণ বিভাগে জানিবলৈ দিয়া মতে বৃহস্পতিবাৰে মাজ নিশা দক্ষিণ দ্বীপৰ সমীপত ৩৪টা তিমিৰ সন্ধান লাভ কৰে। ইয়াৰ ভিতৰত দীঘল পাখিযুক্ত ২৯টা পাইলট তিমিৰ মৃত্যু ঘটিছে।

পুৱাৰ জোৱাৰত বাকী পাঁচটা তিমিক পুনৰ পানীত ভহাই দিয়াৰ চেষ্টা চলাই থকা হৈছে। প্ৰাণী সংৰক্ষণ বিভাগে ফেচবুক প’ষ্ট এটাত জানিবলৈ দিছে যে এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ’বলৈ কিছু সময়ৰ প্ৰয়োজন হ’ব পাৰে।

লগতে পঢ়ক: কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীক সাক্ষাৎ কৰিলে ‘বিদ্ৰোহী’ নেতা গোলাম নৱী আজাদে; দিলে কিছু পৰামৰ্শ!

তেওঁলোকে অৱশ্যে এই প্ৰক্ৰিয়াটো সফলতাৰে সম্পন্ন কৰিব পৰা যাবনে নাই তাকলৈ সন্দেহ প্ৰকাশ কৰিছে।

বিভাগটোৰ মুখপাত্ৰ উন্টাৰবাৰ্গে কয় যে প্ৰাণী সংৰক্ষণ কৰ্মীসকলে তিমিবোৰক চোৱাচিতা কৰি আছে যদিও সেইবোৰ বৰ্তমান পানীৰ পৰা দূৰত আছে। এয়া এক দুৰ্ভাগ্যজনক ঘটনা যদিও সাগৰৰ পাৰত তিমি আৱদ্ধ হৈ পৰাটো এটা অতি সাধাৰণ ঘটনা বুলি তেওঁ জানিবলৈ দিয়ে।

প্ৰাণী সংৰক্ষণ বিভাগৰ সৈতে প্ৰজেক্ট জোনহা নামৰ স্থানীয় এটা তিমি উদ্ধাৰকাৰী দলে তেওঁলোকৰ এটা চিকিৎসকৰ দল ঘটনাস্থলীলৈ প্ৰেৰণ কৰিছে।