NORTHEAST NOW (Assamese)
অসম

অসীমা বৰদলৈৰ দলত্যাগ সন্দৰ্ভত প্ৰতিক্ৰিয়া ভূপেন বৰাৰ: নিৰ্বাচনৰ বাবে প্ৰাৰ্থী গোটাব নোৱাৰাত লজ্জিত অসীমা

Posted by: জাহ্নৱী বৰুৱা, গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা, গুৱাহাটী April 9, 2022 6:19 pm
Bhupen Borah

গোপীনাথ বৰদলৈৰ নাতিনী তথা কংগ্ৰেছ নেত্ৰী অসীমা বৰদলৈয়ে কংগ্ৰেছ ত্যাগ কৰাৰ পিছত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

পৌৰ সভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী গোটাব নোৱাৰাত লজ্জিত হোৱাৰ বাবেই নেত্ৰী গৰাকীয়ে দল ত্যাগ কৰিছে বুলি মন্তব্য কৰে ভূপেন বৰাই।

তেওঁ কয় “অসীমা বৰদলৈয়ে নিজে বহু লজ্জিত হৈছে। সেয়েহে তেওঁ দল ত্যাগ কৰিলে। প্ৰদেশ কংগ্ৰেছৰ ইমান এগৰাকী ডাঙৰ নেতা হৈও পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে নিজৰ ৱাৰ্ডত প্ৰাৰ্থী উলিয়াব নোৱাৰা বাবেই তেওঁ ওলাই গ’ল।”

ইয়াৰ বিপৰীতে দল ত্যাগ কৰাৰ পাছতেই এক সংবাদমেল যুগে অসীমা বৰদলৈয়ে “বৰদলৈৰ উপাধিটো কংগ্ৰেছে ব্যৱহাৰ কৰিলে কিন্তু প্ৰকৃত সন্মান নিদিলে” বুলি অভিযোগ কৰে।

তদুপৰি নিৰ্বাচনৰ সময়ত দলৰ পৰা কোনো সহায় নাপালে বুলিও বিদায়ী নেত্ৰী গৰাকীয়ে দুখ প্ৰকাশ কৰে।

কংগ্ৰেছৰ কাম কাজকলৈ অসন্তুষ্ট অসীম বৰদলৈয়ে দলত কাম কৰা মানুহক টকা-পইছা নিদিলে দলে গুৰুত্ব নিদিয়ে বুলিও ক্ষোভ প্ৰকাশ কৰে।

“কংগ্ৰেছে কাম কৰা মানুহ চিনাক্ত কৰাত ব্যৰ্থ হৈছে। মোৰ পৰিয়াল আৰু মোৰ দেউতাৰ উপাধি কংগ্ৰেছে ব্যৱহাৰ কৰিলে, কিন্তু সুবিধা নিদিলে।”- অসীমা বৰদলৈয়ে কয়।

আনহাতে বিজেপিত যোগদান সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ এতিয়ালৈকে এই বিষয়ে কোনো চিন্তা কৰা নাই বুলি মন্তব্য কৰে।