পত্নী-পাঁচ মহীয়া কন্যা সন্তানক এৰি কে এল অ’ত যোগদান কৰিলে আক্ৰাছু নেতা জয় প্ৰকাশ বৰ্মনে

ৰাজ্যৰ চৌদিশে উন্নয়ন আৰু বিদ্ৰোহৰ যৱনিকা পৰা বুলি চৰকাৰে দাবী কৰি অহাৰ সময়তে পুনৰ নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠনত যোগদানৰ বাবে একাংশ যুৱক- যুৱতী ধাৱমান হোৱা ঘটনাই চৰকাৰৰ দাবীক ভুল বুলি প্ৰমাণিত কৰিছে ৷
চৰকাৰে যদি দাবী কৰা ধৰণে ৰাজ্যখনৰ সৰ্বস্তৰৰ লোকক সামৰি উন্নয়ন কৰিবলৈ সক্ষম হৈছে, তেতিয়াহলে পুনৰ হাতত অস্ত্ৰ তুলি ল’বলৈ কিয় একাংশ যুৱক – যুৱতী যাত্ৰা কৰিলে সেয়া নিশ্চয়কৈ চিন্তনীয় বিষয় হৈ পৰিছে ৷ উল্লেখ্য যে শেহতীয়াভাৱে আলফা (স্বাধীন) ত একাংশ যুৱক- যুৱতীয়ে যোগদান কৰি থকাৰ সময়তে এতিয়া আন এক বিদ্ৰোহী সংগঠন কমতাপুৰ লিবাৰেচন অৰ্গেনাইজেচন (কে এল অ ) তো সদস্য ভৰ্তি অভিযান চলি থকা বুলি জানিব পৰা গৈছে ৷
দুই বিদ্ৰোহী সংগঠনে হঠাতে সদস্য ভৰ্তি অভিযান আৰম্ভ কৰাত পুনৰ ৰাজ্যখনৰ পৰিৱেশ আগন্তুক দিনত অশান্ত হৈ উঠিব পাৰে নেকি বুলি সন্দেহ প্ৰকাশ কৰিছে সচেতন মহলে ৷ ইপিনে কে এল অত নামনি অসমৰ বিভিন্ন জিলাৰ যুৱকে যোগদান কৰি থকাৰ মাজতে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বঙাইগাঁও জিলা সমিতিৰ প্ৰাক্তন সম্পাদক জয়প্ৰকাশ বৰ্মন ওৰফে জোন কোচেও যোগদান কৰা বুলি জানিব পৰা গৈছে ৷ আনকি প্ৰাক্তন আক্ৰাছু সদস্যজনে নিজেই সংবাদ মাধ্যমলৈ এক ভিডিঅ প্ৰেৰণ কৰি কে এল অত যোগদান কৰাৰ কথা ৰাজহুৱা কৰিছে ৷ আক্ৰাছুৰ বঙাইগাঁও জিলা সমিতিৰ প্ৰাক্তন সম্পাদক জয়প্ৰকাশ বৰ্মনে নিষিদ্ধ ঘোষিত কে এল অ’ত যোগদানৰ ভিডিঅ সংবাদ মাধ্যমত প্ৰচাৰ হোৱাত বিষয়টোকলৈ চৰ্চা আৰম্ভ হৈছে বিভিন্ন মহলত ৷
উল্লেখ্য যে বঙাইগাঁও জিলাৰ বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ঢোলমাৰা হোল্লাগুৰীৰ যুৱক তথা আক্ৰাছুৰ বঙাইগাঁও জিলা সমিতিৰ প্ৰাক্তন সম্পাদক জয় প্ৰকাশ বৰ্মন বিবাহিত আৰু দুটি কণমানি সন্তানৰ পিতৃ ৷ দুই কণমানি সন্তানক এৰি যোগদান কৰিছে কে এল অ’ত ৷ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমযোগে জয় প্ৰকাশ বৰ্মনে নিষিদ্ধ ঘোষিত সংগঠন কে এল অ’ ত যোগদানৰ কথা জানিব পাৰি এতিয়া পৰিয়ালৰ সদস্যসকলৰ মাজত লাগিছে হাহাকাৰ ৷ পৰিয়ালৰ সদস্যসকলৰ আহ্বান জয় প্ৰকাশ ঘৰলৈ ঘুৰি আহক ৷ ইপিনে কে এল অত যোগদান কৰা জয় প্ৰকাশ বৰ্মনে ভিডিঅ’টোত সামৰিক পোচাক পিন্ধি হাতত মাৰণাস্ত্ৰ লৈ নিজৰ পৰিচয় দাঙি ধৰি কয় যে -মই জোন কোচ ওৰফে জয় প্ৰকাশ বৰ্মন, জিলা বঙাইগাঁও ৷ প্ৰথমতে মই গোটেই কোচ কমতাপুৰবাসীক মোৰ তৰফৰ পৰা বিষুৱাৰ শুভেচ্ছা আৰু ধন্যবাদ জনালো৷ এই ভিডিঅ’যোগে কমতাপুৰবাসীক জনাব বিচাৰো যে কোচ কমতাপুৰ বিপন্ন জাতীয় সত্বাক ৰক্ষাৰ অৰ্থে কে এল অৰ গণসংগ্ৰামত যোগদান কৰিলোঁ আৰু আশা কৰো কোচ কমতাপুৰবাসী জনগণৰ আৰ্শীবাদত জাতি মাটি ভেটি ৰক্ষাৰ এই গণ সংগ্ৰামৰ দায়িত্ব আৰু কৰ্তব্য মই নিষ্ঠা সহকাৰে পালন কৰিম ৷ ইয়াৰ লগে লগে কে এল অৰ নেতৃত্বত চলি থকা জাতীয় মুক্তি সংগ্ৰামত বৃহত্তৰ কোচ কমতাপুৰবাসীক সক্ৰিয় ভূমিকা গ্ৰহণ কৰাৰ বাবেও ভিডিঅ’টোত আহ্বান জনাইছে ৷
লগতে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন ভাৰত চৰকাৰক ১৯৪৯ চনৰ ২৮ আগষ্টত চুক্তিকৃত ‘কোচবিহাৰ মাৰ্জাৰ এগ্ৰিমেণ্ট অনুসৰি বৃহত্তৰ কোচ কমতাপুৰ ৰাজ্যখন অচিৰেই ঘুৰাই দিবলৈ আহ্বান জনায় ৷ অন্যথা কেন্দ্ৰীয় চৰকাৰে ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুলি ভিডিঅ’টোত উল্লেখ কৰি যিকোনো পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰেই দায়ী হ’ব বুলিও কয় ৷ ভিডিঅটোৰ শেষত পুনৰাই কোচ কমতাপুৰবাসী জনতাক ধন্যবাদ জনায় আৰু জয় আই কমতাপুৰ বুলি সামৰণি মাৰে ৷ ইপিনে যুৱকজনৰ পিতৃয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে দুমাহমান পূৰ্বে কামৰ সন্ধানত বাহিৰলৈ যোৱাৰ কথা প্ৰকাশ কৰি ঘৰৰ পৰা ওলাই গৈছিল জয় প্ৰকাশে ৷
ঘৰৰ পৰা ওলাই যোৱাৰ পিচত দুদিন মান ফোন কৰিছিল যদিও তাৰ পিচত আৰু ফোন নকৰা বুলিও কয় ৷ পিতৃক ঘৰলৈ আহিব বুলিও কৈ গৈছিল যদিও অৱশেষত পৰিয়ালৰ লোকে খবৰ পালে জয় প্ৰকাশে কে এল অ’ত যোগদান কৰাৰহে ৷ এতিয়া এই খবৰ জনাৰ পিচতে দুখত ভাগি পৰিছে পৰিয়ালটোৱে ৷
পাঁচ মহীয়া কন্যা সন্তানক কোলাত লৈ ঘৰলৈ ঘূৰি আহিবলৈ স্বামী জয় প্ৰকাশক বিনম্ৰ অনুৰোধ জনাইছে তেওঁৰ পত্নীয়ে ৷ লগতে জয় প্ৰকাশৰ পিতৃয়ে কণমানি সন্তান দুটিক লৈ কেনেকৈ সংসাৰ চলাব,তাকে ভাৱি উৱাদিহ নোপোৱাৰ কথা সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰি তেওঁক মূলসুঁতিলৈ ঘুৰি আহিবলৈ আহ্বান জনাইছে ৷ ৰাজ্যখনত শান্তিৰ বাতাবৰণ সৃষ্টি কৰাৰ বাবে চৰকাৰে চলাই থকা প্ৰচেষ্টাৰ মাজতে দুই বিদ্ৰোহী সংগঠনলৈ একাংশ নতুন যুৱক – যুৱতীৰ গমনে এতিয়া চৰকাৰৰ সকলো প্ৰচেষ্টাক বিফল কৰিব নেকি বুলি প্ৰশ্ন উত্থাপিত হৈছে ৷