NORTHEAST NOW (Assamese)
অসম

Global Economy: দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আটাইতকৈ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিশ্ব অৰ্থনীতি: আইএমএফ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 24, 2022 12:25 pm

আন্তৰ্জাতিক মুদ্ৰা নিধিয়ে (আইএমএফ) কৈছে যে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত সম্ভৱত: আটাইতকৈ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিশ্ব অৰ্থনীতি।

সংগঠনটোৱে ছুইজাৰলেণ্ডৰ দাভোছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক মঞ্চ (ৱৰ্ল্ড ইক’নমিক ফ’ৰাম)ৰ সন্মিলনত এই উদ্বেগ প্ৰকাশ কৰে।

আইএমএফৰ পৰিচালন সঞ্চালক ক্ৰিষ্টালিনা জৰ্জিভাই এক বিবৃতিত কয়, “সম্ভৱত: আমি বিভিন্ন দুৰ্যোগ আৰু বিপৰ্যয়ৰ এক সন্মিলিত পৰিস্থিতিৰ সন্মুখীন হৈছো। কৰ’না মহামাৰীৰ পিছত ৰাছিয়া-ইউক্ৰেইন যুদ্ধই অৰ্থনীতিৰ ওপৰত চাপ সৃষ্টি কৰিছে। ইয়াৰ ফলস্বৰূপে, বিশ্ব অৰ্থনীতিৰ পুনৰুদ্ধাৰ স্তব্ধ হৈ পৰিছে। বৰ্ধিত মুদ্ৰাস্ফীতিৰ বাবে খাদ্য আৰু ইন্ধনৰ মূল্য বৃদ্ধি পাইছে।‘’

লগতে পঢ়ক: Bharat Bandh: কাইলৈ পুনৰ ভাৰত বন্ধ! কোনে-কিয় দিছে এই বন্ধৰ আহ্বান?

ইপিনে, বিশ্ব অৰ্থনৈতিক মঞ্চৰ সন্মিলনৰ প্ৰাকমুহূৰ্তত আন্তঃৰাষ্ট্ৰীয় দাতব্য সংস্থা অক্সফামে কয় যে মুদ্ৰাস্ফীতি বৃদ্ধি হৈ থকাৰ ফলত এই বছৰ বিশ্বৰ ২৬৩ নিযুত লোক চৰম দৰিদ্ৰসীমাৰ তললৈ নামিব পাৰে। সংস্থাটোৱে কৈছে যে ২০২০ চনৰ পৰা বিশ্বত ৫৭৩ জন নতুন বিলিয়নেয়াৰ সৃষ্টি হৈছে।

তেওঁলোকে কৰ’না মহামাৰীৰ সময়ত বিলিয়নেয়াৰ হোৱা লোকসকলৰ ওপৰত আৰু কৰ আৰোপ কৰিবলৈ আহ্বান জনাইছে।