NORTHEAST NOW (Assamese)
অসম

আমেৰিকা যুক্তৰাষ্ট্ৰৰ অনুৰোধতে ইটালী, জাৰ্মানীত ৰাছিয়াৰ নাগৰিকক গ্ৰেপ্তাৰ; ৰাছিয়াৰ গৰিহণা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 21, 2022 5:40 pm

Kremlin condemns arrest of Russian আমেৰিকা যুক্তৰাষ্ট্ৰৰ অনুৰোধতে ইটালী আৰু জাৰ্মানীত কেইবাজনো ৰাছিয়াৰ নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে। আন্তৰ্জাতিক সংবাদ মাধ্যমত প্ৰকাশিত এই বাতৰিৰ পিছতে ৰাছিয়াই এই ঘটনাক গৰিহণা দিছে।

ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্রি পেচকভে শুকুৰবাৰে কয়, “আমি এই ধৰণৰ ঘটনাৰ সম্পূৰ্ণ বিৰোধী। ৰাছিয়াৰ নাগৰিকসকলক এইদৰে গ্ৰেপ্তাৰৰ গৰিহণা জনাইছো।‘’

লগতে পঢ়ক: অঘটন! ৱেষ্ট ইণ্ডিজৰ বিদায়; আয়াৰলেণ্ডৰ হাতত হাৰি টী-২০ বিশ্বকাপৰ পৰা বাহিৰ দুবাৰৰ চেম্পিয়ন

পেচকোৱে কয় যে মস্কোৱে বিদেশত বন্দী ৰাছিয়াৰ নাগৰিকসকলক সুৰক্ষা দিবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰিব।

ইয়াৰ পূৰ্বে শুকুৰবাৰে ৰাছিয়াৰ ইটালীৰ দূতাবাসে এটা ফেচবুক পোষ্টত কয়, “আমেৰিকা যুক্তৰাষ্ট্ৰৰ অনুৰোধত ৰাছিয়াৰ নাগৰিকজনক ১৭ অক্টোবৰত মিলান মালপেনচা বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল।”

জানিব পৰা গৈছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অনুৰোধত ১৭ অক্টোবৰত জাৰ্মানী আৰু ইটালীৰ পৰা পাঁচজন ৰাছিয়াৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁলোকৰ ভিতৰত দুজন তেল ব্যৱসায়ী আছে যিয়ে ভেনিজুৱেলাত ইন্ধন তেল বিক্ৰী কৰিছিল।

লগতে পঢ়ক: ‘মহাভাৰতত শ্ৰীকৃষ্ণই অৰ্জুনক জেহাদ ঘোষণা কৰিবলৈ শিকাইছিল’: কংগ্ৰেছ নেতাৰ মন্তব্যকলৈ বিতৰ্ক

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ন্যায় বিভাগে বুধবাৰে তেওঁলোকৰ বিৰুদ্ধে নিষেধাজ্ঞা অমান্য কৰি তেল ব্যৱসায় আৰু ধন ৰপ্তানিৰ বাবে অভিযোগ প্ৰস্তুত কৰিছিল। যদি গোচৰটোত দোষী সাব্যস্ত হয়, তেতিয়া তেওঁলোকে কমেও ৩০ বছৰ কাৰাবাসৰ সন্মুখীন হ’ব পাৰে।