NORTHEAST NOW (Assamese)
দেশ

কাৰাগাৰৰ ভিতৰতে ১৪০ গৰাকী কয়দীৰ দেহত এইচ আই ভি! স্বাস্থ্য পৰীক্ষাৰ পিছতে দাছনা কাৰাগাৰত চাঞ্চল্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 19, 2022 3:45 pm
140 Inmates Test HIV Positive In Jail

উত্তৰ প্ৰদেশৰ এখন কাৰাগাৰত এইচ আই ভিত আক্ৰান্ত হৈছে ১৪০ গৰাকীকৈ কয়দী। ৰাজ্যখনৰ গাজিয়াবাদৰ দাসনা জিলা কাৰাগাৰত স্বাস্থ্য পৰীক্ষাৰ পিছতে এই চাঞ্চল্যকৰ খবৰ পোহৰলৈ আহিছে।

জিলা কাৰাগাৰৰ অধীক্ষকগৰাকীয়ে সদৰী কৰা অনুসৰি, গাজিয়াবাদ কাৰাগাৰত থকা কয়দীসকলক এমএমজি জিলা চৰকাৰী চিকিৎসালয়ত অৱস্থিত এন্টিৰেট্ৰ’ভাইৰেল থেৰাপি চেণ্টাৰত স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছিল।

বিষয়া গৰাকীয়ে উল্লেখ কৰা মতে, কাৰাগাৰত বৰ্তমান প্ৰায় ৫,৫০০ কয়দীৰ বন্দী হৈ আছে আৰু ইয়াৰে ১৪০ গৰাকীৰ দেহত এইচ আই ভি ধৰা পৰিছে। তদুপৰি ৩৫ গৰাকী কয়দী টিবি ৰোগতো আক্ৰান্ত হৈ আছে বুলি তেওঁ জানিবলৈ দিয়ে।

আৰক্ষী বিষয়া গৰাকীৰ ভাষ্য অনুসৰি ২০১৬ চনৰ পৰা গড়ে ১২০ গৰাকীৰ পৰা ১৫০ গৰাকী এইচ আই ভি পজিটিভ কয়দী দাছনা কাৰাগাৰত বন্দী হৈ আছে।

উল্লেখ্য যে ২০১৬ চনত ষ্টেট এইডছ কণ্ট্ৰল ছ’চাইটিয়ে কাৰাগাৰত এইচ আই ভি পৰীক্ষা শিবিৰৰ আয়োজন কৰিছিল।

সেই সময়ত গাজিয়াবাদৰ কাৰাগাৰত ৪৯ গৰাকী কয়দী এইচ আই ভিত আক্ৰান্ত হোৱা বুলি ধৰা পৰিছিল।

ইয়াৰ পিছতে চৰকাৰে এইচ আই ভি আৰু টি বি পৰীক্ষাক সাধাৰণ স্বাস্থ্য পৰীক্ষাৰ অংশ কৰি তুলিলে। কাৰাগাৰ নতুন কয়দীৰ বাবে এই পৰীক্ষা বাধ্যতামূলক হিচাপে পৰিগণিত হৈ আহিছে।

যদি কোনো কয়দী এইচ আই ভি ৰোগত ধৰা পৰে, তেন্তে তেওঁক কাৰাগাৰৰ ভিতৰত অৱস্থিত ইন্টিগ্ৰেটেড কাউন্সেলিং এণ্ড ট্ৰিটমেণ্ট চেণ্টাৰ (আই চি টি চি)ত এ আৰ ভি চিকিৎসা প্ৰদান কৰা হয়।