NORTHEAST NOW (Assamese)
Popular Stories

টুইটাৰ ক্ৰয় কৰি ‘সৰ্বস্বান্ত’ হোৱাৰ পথত মাস্ক! হেৰুৱালে ২০০ বিলিয়ন ডলাৰ মূল্যৰ সম্পত্তি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 1, 2023 10:40 am

Elon Musk becomes the first person in history সময়ৰ নিয়মত সময়ৰ চকৰি সলনি হয়। এইবাৰ কোটিপতি এলন মাস্কো সেই নিয়মৰ বেহুজালত সোমাই পৰিছে। তেওঁ এসময়ত ৩২১ বিলিয়ন আমেৰিকান ডলাৰৰ গৰাকী হৈছিল। টেছলা-টুইটাৰৰ গৰাকীয়ে যোৱা কেইমাহমানত প্ৰায় ২০০ বিলিয়ন ডলাৰ হেৰুৱাইছে। তেওঁৰ অভিলেখ সম্পত্তিৰ পতনৰ বিষয়ে এতিয়া বিভিন্ন সংবাদ মাধ্যমত চৰ্চা হৈছে।

ব্লুমবাৰ্গৰ বিলিয়নেয়াৰ ইণ্ডেক্স অনুসৰি, ২০২১ চনৰ নৱেম্বৰত মাস্কৰ মুঠ সম্পত্তিৰ মূল্য আছিল ৩৪০ বিলিয়ন ডলাৰ। ভাৰতীয় মুদ্ৰাত ইয়াৰ মূল্য অতি কমেও ২৮ লাখ কোটি টকাতকৈ অলপ বেছি। জেফ বেজোছৰ পিছত মাস্ক বৰ্তমান বিশ্বৰ একমাত্ৰ ব্যক্তি যাৰ মুঠ সম্পত্তিৰ মূল্য ২০০ বিলিয়ন অতিক্ৰম কৰিছিল।

লগতে পঢ়ক: নতুন বছৰৰ বাৰ্তা! বছৰৰ অন্তিম দিনটোতো মিছাইল নিক্ষেপ কৰিছে উত্তৰ কোৰিয়াই

কিন্তু যোৱা নৱেম্বৰৰ পৰা টুইটাৰৰ স্বত্তাধিকাৰীৰ আৰু কোনো উত্থান দেখা যোৱা নাই। তাৰ পৰিৱৰ্তে তেওঁক লুই ভিটোৰ গৰাকী বাৰ্ণাৰ্ড আৰ্নাল্টে প্ৰত্যাহ্বান জনালে।

সমালোচকসকলে কয় যে মাস্কে বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত টুইটাৰৰ গৰাকী হোৱাৰ পিছৰে পৰা আৰ্থিক লোকচানৰ সন্মুখীন হৈছে। বৃহৎ ঋণেৰে টুইটাৰ ক্ৰয় কৰাৰ পিছত তেওঁৰ কোম্পানী টেছলাৰ শ্বেয়াৰ বজাৰত হ্ৰাস পাইছে। লাভো বৃহৎ হাৰত হ্ৰাস পাইছে।

টেছলাৰ অংশীদাৰসকলে ভাবিলে যে টেছলাতকৈ টুইটাৰ এলনৰ বাবে অধিক গুৰুত্বপূৰ্ণ, সেয়েহে তেওঁলোকৰ বহুতে বিনিয়োগ বন্ধ কৰে। আকৌ, বহুলোকে বিনিয়োগ কৰাৰ আকাংক্ষা হেৰুৱাইছে।

লগতে পঢ়ক: নৱবৰ্ষৰ শুভেচ্ছা জনাবলৈ ভাৰতৰ বিকৃত মানচিত্ৰৰ ছবি পোষ্ট! কেন্দ্ৰৰ ৰোষত হোৱাটছএপ

ব্লুমবাৰ্গৰ বিলিয়নেয়াৰ সূচক অনুসৰি, মাস্কৰ মুঠ সম্পত্তিৰ মূল্য আছিল ৩৩৮ বিলিয়ন ডলাৰ। বছৰটোৰ শেষত ই হ’লগৈ ১৩২ বিলিয়ন ডলাৰ। অৰ্থাৎ, তেওঁ প্ৰায় ২০০ বিলিয়ন ডলাৰ হেৰুৱাইছে। যিটোৱে ২০২২ চনত এটা অভিলেখ স্থাপন কৰিছে।