NORTHEAST NOW (Assamese)
Popular Stories

মৃতদেহৰ সৈতে যৌন সম্পৰ্ক গঢ়াটো ভাৰতীয় আইন মতে অপৰাধ নহয় : কৰ্ণাটক উচ্চ ন্যায়ালয়

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 1, 2023 11:10 am

মৃতদেহৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰাটো ভাৰতীয় সংবিধানত অপৰাধ নহয়। ভাৰতীয় দণ্ডবিধিৰ ৩৭৫ ধাৰাত ইয়াক অপৰাধ বুলি গণ্য কৰা নহয়। বুধবাৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ে এই বিষয়টো পৰ্যবেক্ষণ কৰি মৃতদেহৰ সৈতে কৰা যৌন সম্পৰ্কক অপৰাধ বুলি গণ্য কৰাৰ বাবে কেন্দ্ৰৰ দৃষ্টি আকৰ্ষণ কৰিছে।

বহু ৰাজহুৱা আৰু ব্যক্তিগত চিকিৎসালয়ৰ মৰ্গত মৃতদেহ পহৰা দিবলৈ নিয়োজিত একাংশ কৰ্মচাৰীয়ে মৃতদেহৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছে। ‘নেক্ৰ’ফিলিয়া’ (মৃতদেহৰ সৈতে যৌন সম্পৰ্ক) সম্পৰ্কীয় গোচৰৰ শুনানি গ্ৰহণ কৰি কৰ্ণাটক উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক ভাৰতীয় দণ্ডবিধিৰ সংশোধন কৰিবলৈ পৰামৰ্শ দিছে। 

লগতে পঢ়কঃ যুদ্ধ কৰিবলৈ অস্বীকাৰ : সেনাবাহিনী এৰি পলায়ন কৰিছে হাজাৰ হাজাৰ সৈনিকে

ন্যায়াধীশ ভি বিৰাপ্পা আৰু ন্যায়াধীশ নাইকৰ এখন বিভাগীয় বিচাৰপীঠেও ভাৰতীয় দণ্ডবিধিৰ অস্বাভাৱিক যৌনতাৰ অপৰাধৰ সংজ্ঞা নিৰূপণ কৰি নেক্ৰ’ফিলিয়াক অপৰাধ হিচাপে গণ্য কৰাৰ বাবে নতুন আইন প্ৰণয়নৰ আহ্বান জনায়। 

আদালতে ইংলেণ্ড, কানাডা, নিউজিলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ আইনসমূহৰ উল্লেখ কৰে য’ত নেক্ৰ’ফিলিয়া এক ডাঙৰ অপৰাধ। কিন্তু ভাৰতত ই কোনো অপৰাধ নহয়। 

কৰ্ণাটক উচ্চ ন্যায়ালয়ে লক্ষ্য কৰিছিল, “দুৰ্ভাগ্যজনকভাৱে ভাৰতীয় দণ্ডবিধিৰ মৃতকৰ মৃতদেহ আৰু ইয়াৰ সৈতে জড়িত অপৰাধসমূহৰ সম্পৰ্কে কোনো নিৰ্দিষ্ট আইন নাই।”

উল্লেখ্য যে এগৰাকী ২৫ বছৰীয়া যুৱতীক হত্যা কৰি ধৰ্ষণ কৰাৰ অপৰাধত নিম্ন আদালতে হত্যাকাণ্ডৰ পিছত মৃতকক যৌন নিৰ্যাতন চলোৱাৰ বাবে ধৰ্ষণ আৰু হত্যাৰ গোচৰত দোষী সাব্যস্ত কৰে। কিন্তু উচ্চ ন্যায়ালয়ে অভিযুক্তক কেৱল হত্যাৰ গোচৰতহে দোষী সাব্যস্ত কৰে। ধৰ্ষণৰ গোচৰৰ পৰা দোষীক দোষমুক্ত কৰা হয়।

লগতে পঢ়কঃ প্ৰতিবাদী মল্লযুঁজাৰুৰ ওপৰত দমনমূলক আচৰণক নিন্দা আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ: দ্ৰুত তদন্তৰ আহ্বান

উচ্চ ন্যায়ালয়ৰ মতে, ভাৰতীয় দণ্ডবিধিৰ ৩৭৭ (অস্বাভাৱিক যৌন আচৰণ) ধাৰা অনুসৰি মৃতদেহৰ ওপৰত যৌন নিৰ্যাতনৰ চলোৱাৰ বাবে শাস্তিৰ কোনো ব্যাখ্যা দিব নোৱাৰি। কাৰণ আইনখনে ইয়াৰ বিষয়ে বিশেষ একো কোৱা নাই। 

সেয়ে কৰ্ণাটক উচ্চ ন্যায়ালয়ে কৰ্ণাটক চৰকাৰক কেইবাটাও নিৰ্দেশ জাৰি কৰি কেন্দ্ৰৰ সৈতে বিষয়টো আলোচনা কৰিবলৈ পৰামৰ্শ দিছে। লগতে আদালতে নিৰ্দেশ দিছে যে ৬ মাহৰ ভিতৰত মৃতদেহ ৰখা ঠাইত, যেনে চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়ৰ মৰ্গসমূহত চিচিটিভি কেমেৰা স্থাপন কৰিব লাগিব।

লগতে পঢ়কঃ চীনৰ আজৱ কাণ্ড! ৩২ হাজাৰ ফুট দ গাঁত খান্দিছে চীনে। কিন্তু কিয়?