DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, September 25, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home ক্ৰীড়া

প্ৰতিবাদী মল্লযুঁজাৰুৰ ওপৰত দমনমূলক আচৰণক নিন্দা আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ: দ্ৰুত তদন্তৰ আহ্বান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 1, 2023 9:02 am
wrestlers protest
478
VIEWS
Share on FacebookShare on Twitter

গত দেওবাৰে দেশৰ মল্লযুঁজাৰুসকলৰ প্ৰতিবাদৰ সময়ত প্ৰতিবাদী খেলুৱৈসকলৰ ওপৰত দিল্লী আৰক্ষীয়ে চলোৱা দমনমূলক আচৰণক লৈ সৃষ্টি হোৱা বিতৰ্ক সম্প্ৰতি কেৱল দেশৰ ভিতৰতে সীমাবদ্ধ হৈ থকা নাই, এই বিতৰ্কই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ব্যাপক চৰ্চিত হৈ পৰিছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া সংস্থাসমূহেও ভাৰতৰ প্ৰতিবাদৰ মল্লযুঁজাৰুসকলৰ প্ৰতি সমৰ্থন আগবঢ়াই তেওঁলোকক কৰা অপমানজনিত আচৰণৰ তীব্ৰ নিন্দা কৰিছে।

মল্লযুঁজৰ আন্ত:ৰাষ্ট্ৰীয় মুৰব্বী সংস্থা ইউনাইটেড ৱৰ্ল্ড ৰেষ্টলিঙে ইতিপূৰ্বে যোৱা দেওবাৰৰ ঘটনাক গৰিহণা দিয়াৰ লগতে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনক তীব্ৰ নিন্দা কৰি নিষেধাজ্ঞা আৰোপৰ ভাবুকি দিয়াৰ পিছত এইবাৰ আন্ত:ৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে ভাৰতীয় মল্লযুঁজাৰুসকলৰ সৈতে দিল্লী আৰক্ষীয়ে কৰা ব্যৱহাৰক তীব্ৰ গৰিহণা দিয়ে আৰু এনে কাৰ্যক অতি বিৰক্তিকৰ আখ্যা দিয়ে।

ভাৰতৰ মল্লযুঁজ ফেডাৰেচনৰ বিদায়ী সভাপতি ব্রিজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে যৌন শোষণৰ অভিযোগ উত্থাপন কৰি মল্লযুঁজাৰুসকলে অব্যাহত ৰখা প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি আন্ত:ৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে মল্লযুঁজাৰুসকলে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত ভাৰতীয় আইন অনুসৰি পক্ষপাতহীন, অপৰাধমূলক তদন্ত কৰিবলৈ আহ্বান জনাইছে।

এক বিবৃতিত কমিটীয়ে কয় যে, এনে অপৰাধমূলক তদন্তৰ দিশত প্ৰথম পদক্ষেপ লোৱা হৈছে যদিও এই ক্ষেত্ৰত আৰু অধিক দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব লাগিব। “আমি আহ্বান জনাইছো যে এই সমগ্ৰ প্ৰক্ৰিয়াটোত এই খেলুৱৈসকলৰ সুৰক্ষা আৰু মংগলৰ বিষয়ে যথাযথভাৱে বিবেচনা কৰা হওক আৰু এই তদন্ত দ্ৰুতভাৱে সমাপ্ত হ’ব।”- অলিম্পিক কমিটীয়ে লগতে কয়।

ইফালে মল্লযুঁজৰ আন্ত:ৰাষ্ট্ৰীয় মুৰব্বী সংস্থা ইউনাইটেড ৱৰ্ল্ড ৰেষ্টলিঙৰ সৈতে এই বিষয়ত ঘনিষ্ঠভাৱে যোগাযোগ ৰক্ষা কৰি চলা বুলি উল্লেখ কৰি অলিম্পিক কমিটীয়ে ইণ্ডিয়ান অলিম্পিক এছ’চিয়েচনক দেশৰ ক্ৰীড়াবিদসকলক সুৰক্ষা নিশ্চিত কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

Recent News

আজি প্ৰধানমন্ত্ৰীয়ে আকৌ ৯ খন বন্দে ভাৰত উপহাৰ দিলে দেশবাসীক

আজি প্ৰধানমন্ত্ৰীয়ে আকৌ ৯ খন বন্দে ভাৰত উপহাৰ দিলে দেশবাসীক

ৰাতিপুৱা শুই উঠিয়েই যৌন সম্পৰ্কে কৰাৰো আছে আচৰিত উপকাৰিতা, জানো আহক

ৰাতিপুৱা শুই উঠিয়েই যৌন সম্পৰ্কে কৰাৰো আছে আচৰিত উপকাৰিতা, জানো আহক

অসম গণ পৰিষদ শক্তিশালী হোৱা মানে অসম শক্তিশালী হোৱা – অতুল বৰা

অসম গণ পৰিষদ শক্তিশালী হোৱা মানে অসম শক্তিশালী হোৱা – অতুল বৰা

‘বিজেপিক পৰাস্ত কৰাৰ সূত্ৰ কৰ্ণাটকৰ পৰা শিকিছো’, আত্মবিশ্বাসী ৰাহুলৰ মন্তব্য

‘বিজেপিক পৰাস্ত কৰাৰ সূত্ৰ কৰ্ণাটকৰ পৰা শিকিছো’, আত্মবিশ্বাসী ৰাহুলৰ মন্তব্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd