NORTHEAST NOW (Assamese)
অসম

মণিপুৰ জ্বলিছে, দুমাহ ধৰি তোমালোকৰ কোনো খবৰ নাই! বলিউডৰ চেলিব্ৰিটিসকলক এজাউৰি লিন লাইশ্ৰমৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 22, 2023 8:51 am

একেৰাহে দুমাহতকৈ অধিক সময় ধৰি মণিপুৰ উত্তাল কৰি ৰাখিছে সংঘৰ্ষকাৰীয়ে। বিবস্ত্ৰা কৰি খোজ কঢ়োৱা মহিলা দুগৰাকীৰ উপৰিও ৰাজ্যত ইণ্টাৰনেট ঘূৰি অহাৰ লগে লগে আন বহু ঘটনা চৰ্চালৈ আহিছে। শেহতীয়াকৈ এটা ভাইৰেল ভিডিঅ’ত দেখা গৈছে যে এটা কুকি সম্প্ৰদায়ৰ কটা মুৰ পথত পৰি আছে।

মানৱ অধিকাৰ কৰ্মী ইৰোম শৰ্মিলা চানুৱে ৰাজ্যৰ এই বিশৃংখলতাৰ বাবে কেন্দ্ৰক দোষাৰোপ কৰিছে। শুকুৰবাৰে তেওঁ কয় যে যদি কেন্দ্রই সঠিক সময়ত হস্তক্ষেপ কৰিলেহেঁতেন তেন্তে ইমান ৰক্তপাত আৰু উলংগ হৈ দুগৰাকী মহিলাৰ খোজ কঢ়াৰ ঘটনা নহ’লহেঁতেন৷

ইৰোমৰ উপৰিও ‘মেৰী কম’ ছবিৰ অভিনেত্ৰী লিন লাইশ্ৰমে এইবাৰ মণিপুৰৰ পৰিস্থিতিকলৈ বলীউডৰ চেলিব্ৰিটিসকলক লক্ষ্য কৰি লৈছে।

লগতে পঢ়ক: ‘প্ৰট’কল, বিশেষাধিকাৰ নহয়’; উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ আচৰণত অসন্তুষ্ট দেশৰ মুখ্য ন্যায়াধীশ

মণিপুৰত দুগৰাকী মহিলাক নিৰ্যাতনৰ ভিডিঅ’ক লৈ মুকলিকৈ কৈছে বলীউডৰ চেলিব্ৰিটিসকলে। তেওঁলোকক সমালোচনা কৰি লিনে ছ’চিয়েল মিডিয়াত লিখিছে যে এই হিংসা দুমাহ ধৰি চলি আছে। তোমালোকৰ ইনষ্টা ষ্ট’ৰী, টুইট ক’ত আছিল? আমি ইমান দিনেতো চিঞৰি আছিলো।

আন এটা পোষ্টত লিনে লিখিছে, গুড মৰ্নিং ‘সজাগ’ লোকসকল। মই তোমালোকক কওঁ এই নৃশংসতা ২ মাহ ধৰি চলি আছে।

মণিপুৰৰ ওপৰত মন্তব্য কৰাৰ বাবে লিনে লক্ষ্য কৰি লয় বিৰল ভায়ানীক। শেহতীয়াকৈ ভায়ানীয়ে ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ উৰ্ফি জাভেদৰ এটা পোষ্ট শ্বেয়াৰ কৰিছে। সেই পোষ্টত উৰ্ফীয়ে মণিপুৰৰ ঘটনাৰ প্ৰতিবাদ কৰিছিল। সেই পোষ্টটোৰ বিষয়ে লিনে লিখিছে, আপোনালোকে এই পোষ্টবোৰ মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ব্যৱহাৰ কৰিছে? বন্ধ কৰক এইবোৰ। আগতে আপোনালোকৰ   মণিপুৰৰ কোনো খবৰেই (f**king clue) নাছিল নেকি!

লগতে পঢ়ক: কংগ্ৰেছৰ সৈতে জড়িত পৰিয়াল; ৰাহুলৰ গোচৰৰ পৰা আঁতৰিব বিচাৰিছিল উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ!

উল্লেখ্য যে দুগৰাকী মহিলাক উলংগ হৈ খোজ কঢ়াৰ খবৰ দেখা পোৱাৰ পাছত পুনৰ শিৰোনাম দখল কৰিছে মণিপুৰে। কুকি সম্প্ৰদায়ৰ এজন লোকৰ কটা মূৰটো পথত পৰি থকা অৱস্থাত উদ্ধাৰ হৈছে। ইয়াৰ এটা ভিডিঅ’ ভাইৰেল হৈছে। মণিপুৰে ক্ৰমান্বয়ে দেশৰ মূৰ লজ্জানত কৰিছে। সমগ্ৰ দেশতে উলংগ কৰি মহিলাক খোজ কঢ়োৱাৰ ঘটনাক তীব্ৰ সমালোচনা কৰা হৈছে।

কটা মূৰটো উদ্ধাৰ হোৱা কুকি জনগোষ্ঠীৰ লোকজনকো চিনাক্ত কৰা হৈছে। তেওঁৰ নাম ডেভিদ থিক। বিষ্ণুপুৰ জিলাৰ এটা স্থানীয় অঞ্চলৰ এটা ঘৰৰ বাঁহৰ বেৰত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় তেওঁৰ মূৰটো। যাৰ ফলত আতংকৰ পৰিৱেশৰ সৃষ্টি হয়। জানিব পৰা মতে যোৱা ২ জুলাইত সংঘৰ্ষৰ সময়ত তেওঁ নিহত হৈছিল।

লগতে পঢ়ক: মণিপুৰ কাণ্ডত নতুন বিতৰ্ক! বিবস্ত্ৰা কৰি মহিলা দুগৰাকীক খোজ কঢ়োৱাৰ কথা আগতেই জানিছিল ৰাষ্ট্ৰীয় মহিলা আয়োগে

কিছুদিন পূৰ্বে মণিপুৰত দুগৰাকী মহিলাক উলংগ কৰি ৰাজপথত খোজ কঢ়াই নিয়াৰ অভিযোগ উত্থাপন হৈছিল। খোজকাঢ়ি যোৱাৰ ভিডিঅ’ও লোৱা হয়। যোৱা ৪ মে’ত লোৱা হৈছিল এই ভিডিঅ’টো। সেই মহিলাসকলক দলবদ্ধ ধৰ্ষণ কৰা বুলিও অভিযোগ উত্থাপন হৈছে। অভিযোগৰ আঙুলি মণিপুৰৰ মেইটেই সম্প্ৰদায়ৰ প্ৰতি। মণিপুৰ আৰক্ষীৰ ছুপাৰ কে মেগাচন্দ্ৰ সিঙেও এক বিবৃতি প্ৰদান কৰে। সমগ্ৰ দেশৰ  বিৰোধী দলসমূহৰ লগতে বিভিন্ন শ্ৰেণীৰ লোকে এই লজ্জাজনক ঘটনাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।