NORTHEAST NOW (Assamese)
Popular Stories

অক্ষয় কুমাৰক চৰ মাৰিলে ১০ লাখ টকাৰ পুৰস্কাৰ! হিন্দুত্ববাদী সংগঠনৰ ৰোষত অভিনেতা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 13, 2023 12:49 pm

‘OMG 2’ মুক্তি পোৱাৰ পিছতো বিতৰ্কই লগ এৰা নাই! কিছুদিন পূৰ্বে চেন্সৰ ব’ৰ্ডৰ ৰোষত পৰিছিল চিনেমাখন। এইবাৰ মুক্তিৰ লগে লগে হিন্দুত্ববাদী সংগঠনৰ ক্ষোভৰ সন্মুখীন হ’বলগীয়া হৈছে অভিনেতা অক্ষয় কুমাৰ।

ছবিখন মুক্তি পোৱাৰ পিছৰে পৰা অভিনেতাগৰাকীয়ে ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগ উত্থাপন হৈ আহিছে। এই কাৰণেই হিন্দু পৰিষদৰ নেতা ইমানেই ক্ষুব্ধ হৈ পৰিছে যে অক্ষয়ক চৰ মাৰিলে পুৰস্কাৰ দিয়াৰো ঘোষণা কৰিছে।

লগতে পঢ়ক: ইনষ্টাগ্ৰাম লাইভত প্ৰাক্তন পত্নীসহ ৩ জনক হত্যা বডি বিল্ডাৰৰ; পিছত নিজেও ল’লে চৰম পদক্ষেপ

বাতৰি অনুসৰি, আগ্ৰাৰ ৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ নেতাই অক্ষয় কুমাৰক যিয়ে থুৱাব  বা চৰ মাৰিব তেওঁক ১০ লাখ টকাৰ পুৰস্কাৰ দিয়া হ’ব বুলি ঘোষণা কৰিছে।

ইপিনে, বৃহস্পতিবাৰে আগ্ৰাৰ এটা প্ৰেক্ষাগৃহৰ বাহিৰত অক্ষয়ৰ প্ৰতিকৃতি আৰু ‘অ’ মাই গড-টু’ ছবিৰ পোষ্টাৰ জ্বলাই দিয়া হয়। ইয়াৰ উপৰিও হিন্দু পৰিষদ, ভাৰত নামৰ সংগঠনেও এই চিনেমাখনৰ প্ৰদৰ্শন নিষিদ্ধ কৰিবলৈ দাবী জনাইছিল।

লগতে পঢ়ক: উজলিল শুভমন-যশস্বী যুটী! ৱেষ্টইণ্ডিজৰ বিৰুদ্ধে টী-২০ শৃংখলাত সমতা স্থাপন ভাৰতৰ

অভিনেতাজনৰ বিৰুদ্ধে অভিযোগ চিনেমাখনত তেওঁ ধৰ্মীয় আৱেগক আঘাত দিছে। সেই প্ৰেক্ষাপটতে আগ্ৰাৰ হিন্দু সংগঠনে বলীউডৰ অভিনেতাগৰাকীক ‘শিকনি’ দিবলৈ এনে ভয়ংকৰ ঘোষণা কৰিছে।