NORTHEAST NOW (Assamese)
Popular Stories

চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-৩ অৱতৰণৰ তৎপৰতা আৰম্ভ কৰিলে ইছৰোৱে; মিছন কন্ট্ৰ’ল চেণ্টাৰত উত্তেজনা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 23, 2023 5:07 pm

চন্দ্ৰত অৱতৰণ কৰাৰ কিছু সময়ৰ পাছতে চন্দ্ৰযান-৩ৰ প্ৰকৃত কাম আৰম্ভ হ’ব। বিক্ৰমে লেণ্ডাৰখন খুলিব ৰ’ভাৰৰ বাবে এটা ৰেম্প প্ৰস্তুত কৰিব। অৰ্থাৎ সেই ৰেম্পৰ মাজেৰে ৰ’ভাৰখন চন্দ্ৰৰ মাটিলৈ নামি আহিব। আৰু ইফালে সিফালে ঘূৰি ফুৰিব। ছয়চকীয়া ৰ’ভাৰখনত ভাৰতৰ পতাকা আৰু ইছৰোৰ ল’গ’ আছে।

অৱতৰণ কৰাৰ প্ৰায় চাৰি ঘণ্টাৰ পিছত ই লেণ্ডাৰৰ পৰা ওলাই আহি নামিবলৈ আৰম্ভ কৰিব। মাত্ৰ অৱতৰণ কৰাৰ সময়ত ৰ’ভাৰখনৰ গতি প্ৰতি ছেকেণ্ডত ১ চে.মি.। নেভিগেচন কেমেৰাৰ জৰিয়তে ৰ’ভাৰখনে নিজৰ চৌপাশৰ পৰিৱেশ অনুভৱ কৰি থাকিব।

চন্দ্ৰযান-৩ মহাকাশযানখনে চন্দ্ৰত অৱতৰণ কৰাৰ চেষ্টাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে বেংগালুৰুৰ ইছৰোৰ টেলিমেট্ৰি, ট্ৰেকিং এণ্ড কমাণ্ড নেটৱৰ্ক (আইষ্ট্ৰেক)ৰ মিছন কন্ট্ৰ’ল চেন্ট্ৰেলৰ বিজ্ঞানীসকলৰ মাজত যথেষ্ট উত্তেজনা সৃষ্টি হৈছে। ইছৰো মিছন কন্ট্ৰ’ল চেণ্টাৰৰ এটা ভিডিঅ’ প্ৰকাশ পাইছে।

ইছৰো মিছন কন্ট্ৰ’ল চেণ্টাৰত ব্যস্ততা। ফটো সৌজন্য: ইছৰো।

সময় ওচৰ চাপি অহাৰ লগে লগে চন্দ্ৰযান-৩ৰ আশে-পাশে মানুহৰ মনত অধিক প্ৰশ্ন উত্থাপন হৈছে। তাত, অৱতৰণৰ সময়ত চন্দ্ৰৰ বতৰ আৰু উষ্ণতাৰ বিষয়ে এটা প্ৰশ্ন আহিছে? ইতিমধ্যে জনা গৈছে যে বাহনখন অৱতৰণ কৰাটো ইছৰ’ৰ বাবে আটাইতকৈ প্ৰত্যাহ্বানজনক কাম হ’ব।

ইছৰোৰ প্ৰাক্তন সঞ্চালক প্ৰমোদ কালৰ মতে, চন্দ্ৰৰ দক্ষিণ মেৰুত তাপমাত্ৰা মাইনাছ ২৩০ ডিগ্ৰীলৈ হ্ৰাস পাইছে। ইমান কম উষ্ণতাত দক্ষিণ মেৰুত চন্দ্ৰযান অৱতৰণ কৰাটো বৰ সহজ কাম নহয়। এই কাৰণেই ১৪ দিন চলিব এই অভিযান। ইয়াৰ একমাত্ৰ কাৰণ হ’ল দক্ষিণ মেৰুত পোহৰ থাকিব, আৰু চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমে সেই সৌৰশক্তিতেই কাম কৰিব।

চন্দ্ৰযান-৩ৰ অৱতৰণৰ বাবে সমগ্ৰ দেশে অপেক্ষা কৰি আছে। সকলো ঠিকে থাকিলে চন্দ্ৰযান-৩য়ে চন্দ্ৰৰ দক্ষিণ মেৰুত মসৃন অৱতৰণ কৰিব। সমগ্ৰ দেশে সফলতাৰ বাবে প্ৰাৰ্থনা কৰিছে।

যদি সকলো ঠিকে থাকে তেন্তে বুধবাৰে সন্ধিয়া শেষ হ’ব ৪০ দিনীয়া অপেক্ষা। চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰম চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিবলৈ ওলাইছে। এতিয়া মাত্ৰ সন্ধিয়া ৬:৪০ বজাত বজালৈ অপেক্ষা। তাৰ আগতে ইছৰোৰ বিজ্ঞানীসকলে পুৱাৰে পৰা প্ৰস্তুতি চলাইছে। আৰু সেই ছবিখন বাংগালুৰুত অৱস্থিত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই টুইটাৰৰ জৰিয়তে শ্বেয়াৰ কৰিছে। অৱতৰণৰ পূৰ্বে ইছৰোৱে চন্দ্ৰযান-৩ কমাণ্ড চেণ্টাৰৰ ছবি শ্বেয়াৰ কৰে।

ইছৰোৱে টুইট কৰি কয় যে, “অটোমেটিক লেণ্ডিং ছিকুৱেন্স (এ এল এছ) আৰম্ভ কৰিবলৈ সাজু। প্ৰায় ১৭:৪৪ বজাত নিৰ্দিষ্ট স্থানত লেণ্ডাৰ মডিউল (এল এম)ৰ আগমনৰ অপেক্ষাত। এম অ’ এক্সত কাৰ্য্যকলাপৰ লাইভ ট্ৰেন্সমিছন ১৭:২০ বজাত আৰম্ভ হ’ব।” ইছৰোৰ বিভিন্ন বিভাগৰ প্ৰায় ২০০ বিজ্ঞানী এই অভিযানৰ সৈতে জড়িত হৈ আছে।