NORTHEAST NOW (Assamese)
অসম

৩০৩ জন ভাৰতীয়ক লৈ ফ্ৰান্সত অৱতৰণ বিমান, ঘেৰি ধৰিলে আৰক্ষীয়ে; গ্ৰেপ্তাৰ ২ জন, চলিছে তদন্ত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 23, 2023 9:06 am

বিমানখন নিকাৰাগুয়ালৈ গৈ আছিল। বাটতে ফ্ৰান্সত বিজুতি ঘটে বিমানখনৰ। সেই বিমানত আছিল ৩০০ৰো অধিক ভাৰতীয়। সেই বিমানত মানৱ সৰবৰাহ কৰা হৈছিল বুলি সন্দেহ কৰা হৈছে। সেই বাবেই ফ্ৰান্সত বিমানখন আটক কৰা হয়।

সূত্ৰ অনুসৰি, সেই বিমানত আছিল ৩০৩ জন ভাৰতীয়। সংযুক্ত আৰব আমিৰশ্বাহীৰ পৰা উৰা মাৰিছিল বিমানখন।

ৰোমানিয়াৰ এটা চাৰ্টাৰ কোম্পানীয়ে এই বিমান লৈ গৈছিল। ডুবাইৰ পৰা এৰিছিল বিমানখন। ভাত্ৰি বিমানবন্দৰত অৱতৰণ কৰে বিমানখন। কিছু কাৰিকৰী সমস্যাৰ বাবে বিমানখন নামিছিল। তাৰ পিছতে আৰক্ষীয়ে বিমানখন ঘেৰি ধৰে।

লগতে পঢ়কঃ কৰ’না ৰিপ’ৰ্ট পজিটিভ আহিলেই পঠাব লাগিব জিন’ম ছিকুৱেন্সিঙৰ বাবে; ৰাজ্যসমূহক নিৰ্দেশ কেন্দ্ৰৰ

প্ৰথমতে বিমানখনৰ ভিতৰতে যাত্ৰীসকল আছিল। পিছত তেওঁলোকক এৰাইভেল লাউঞ্জলৈ অনা হয় । তাতেই তেওঁলোকে শুই পৰে। আৰক্ষীৰ মতে, বিমানবন্দৰৰ অভ্যৰ্থনাক্ষেত্ৰত তেওঁলোকক থকাৰ ব্যৱস্থা কৰা হয়।

বহুতকে বিমানবন্দৰতে ৰখা হৈছে। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। স্থানীয় বিষয়াসকলে বিবিচিক জনোৱা মতে, ইয়াৰে কিছুমানে অবৈধভাৱে সেই দেশলৈ গৈছিল। ফ্ৰান্সৰ ৰাষ্ট্ৰীয় সংগঠিত অপৰাধ বিৰোধী ইউনিট JUNALCO য়ে এই তদন্ত চলাই আছে।

বাতৰি অনুসৰি,  ভাৰতীয় যাত্ৰীসকলে কানাডা বা আমেৰিকাত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল বুলি সন্দেহ কৰা হৈছে। সেইবাবেই তেওঁলোকে সেই বিমানখনত উঠিছিল। সেই সময়ত ফ্ৰান্সৰ কৰ্তৃপক্ষই গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰিছিল যে বিমানেৰে ‘মানৱ সৰবৰাহ’ চলি আছে। আৰু তাৰ পিছত বিমানখন ৰখাই দিয়া হ’ল। বিমানকৰ্মীসকলক গ্ৰেপ্তাৰ কৰা হয়। পিছত এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

ইপিনে, খবৰ অনুসৰি বিমানখনত থকা প্ৰায় সকলোৱেই ভাৰতীয় মূলৰ আছিল। নিকাৰাগুয়ালৈ যোৱা বিমানখনত মুঠ ৩০৩জন ভাৰতীয় আছিল। এনে পৰিস্থিতিত ফ্ৰান্সৰ কৰ্তৃপক্ষই পেৰিছত থকা ভাৰতীয় দূতাবাসক খবৰ দিয়ে। তেওঁলোকে বিষয়টো পৰ্যবেক্ষণ কৰিছে। ইয়াৰ উপৰিও দূতাবাসৰ কৰ্মচাৰীসকলে বিমানখনত থকা ভাৰতীয় মূলৰ লোকসকলৰ সৈতেও যোগাযোগ কৰে। এনে পৰিস্থিতিত ভাৰতীয় দূতাবাসে ইয়াৰ গভীৰ তদন্ত আৰম্ভ কৰা বুলি অৱগত কৰিছে।