NORTHEAST NOW (Assamese)
অসম

ডুবিল দেশৰ নাম! ঝাৰখণ্ড ভ্ৰমণৰ সময়ত দলবদ্ধ ধৰ্ষণৰ বলি হ’ল স্পেনিছ মহিলা

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী March 3, 2024 11:23 am

স্বামীৰ সৈতে ঝাৰখণ্ড ভ্ৰমণৰ সময়ত এগৰাকী স্পেনিছ মহিলাক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে। শুকুৰবাৰে নিশা ঝাৰখণ্ডৰ ডুমকা জিলাত সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে স্পেইনৰ মহিলাগৰাকী আৰু তেওঁৰ স্বামী শেহতীয়াকৈ স্পেইনৰ পৰা ভাৰতলৈ ফুৰিবলৈ আহিছিল।

বৃহস্পতিবাৰে তেওঁলোক ঝাৰখণ্ডলৈ আহিছিল। শুকুৰবাৰে দুয়োজনে এখন বাইক ভাড়া কৰি ডুমকাৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিবলৈ ওলাই যায়। গোটেই দিনটো ঘূৰি ফুৰাৰ অন্তত হান্সদিহা আৰক্ষী থানাৰ অন্তৰ্গত কুৰ্মাহাট অঞ্চলত পথৰ দাঁতিত বহি জিৰণি লৈ আছিল।

ৰাতি তেতিয়া প্ৰায় দহ বাজিছিল। হঠাৎ তালৈ আহিল ৮-১০ জনীয়া এটা যুৱকৰ দল। স্পেনিছ মহিলাগৰাকীয়ে অভিযোগ কৰে যে যুৱককেইজনে দুয়োকে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে। তাৰ পিছত জোৰকৈ গিৰিয়েকক তুলি লৈ যায়।

লগতে পঢ়কঃ প্ৰেম বিবাহত বিবাহ বিচ্ছেদ বেছি! কেন্দ্ৰক বিবাহ আইন সংশোধনৰ পৰামৰ্শ আদালতৰ

অভিযোগ অনুসৰি মহিলাগৰাকীয়ে বাধা দিবলৈ চেষ্টা ককৰাত তেওঁক ৰাজপথত পেলাই লৈ মাৰপিট কৰে। ইয়াৰ পিছতে স্পেনিছ মহিলাগৰাকীক এটুকুৰা নিৰ্জন স্থানলৈ লৈ গৈ দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হয়। মহিলাগৰাকীৰ স্বামীৰ পৰা গোটেই ঘটনাটো শুনি আৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰে।

আৰক্ষীয়ে কুৰ্মাহাটৰ পৰা কেইকিলোমিটাৰমান দূৰৈৰ পথৰ দাঁতিৰ পৰা উদ্ধাৰ কৰে স্পেনিছ মহিলাগৰাকীক। বৰ্তমান স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে মহিলাগৰাকী আৰু তেওঁৰ স্বামী।

লগতে পঢ়কঃ বিজেপিৰ ১৯৫ জন প্ৰাৰ্থীৰ ভিতৰত একমাত্ৰ মুছলমান প্ৰাৰ্থী আব্দুল চালাম! কোন তেওঁ, কি তেওঁৰ পৰিচয়?

ইপিনে, এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে হান্সদিহা থানাৰ কুঞ্জী গাঁৱৰ চাৰিজন যুৱকক গ্ৰেপ্তাৰ কৰে। তেওঁলোকৰ জেৰা অব্যাহত আছে।

বাতৰি অনুসৰি, স্পেনিছ দম্পতীয়ে ঝাৰখণ্ডৰ পৰা নেপাললৈ যোৱাৰ পৰিকল্পনা কৰিছিল। কিন্তু তাতেই মৰ্মান্তিক ঘটনাটো ঘটিল। ঘটনাৰ পুংখানুপুংখ তদন্ত কৰিবলৈ এটা বিশেষ তদন্ত গোট গঠন কৰা হৈছে।