NORTHEAST NOW (Assamese)
দেশ

উচ্চতম ন্যায়ালয়ত মুখঠেকেচা বিজেপিৰঃ কেন্দ্ৰৰ ‘ফেক্ট চেক ইউনিট’ গঠনৰ অধিসূচনাত স্থগিতাদেশ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 21, 2024 9:08 pm
fact check units

সামাজিক মাধ্যমত শেনদৃষ্টি নিক্ষেপৰ অৰ্থে ২০২৩ চনৰ তথ্য প্ৰযুক্তি (মধ্যস্থতাকাৰী নিৰ্দেশনা আৰু ডিজিটেল মিডিয়া নৈতিকতা সংহিতা) সংশোধনী নিয়মৰ অধীনত ‘ফেক্ট চেক ইউনিট’ গঠনৰ বাবে কেন্দ্ৰৰ অধিসূচনাত স্থগিতাদেশ প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে।

ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ জে বি পাৰদিৱালা আৰু মনোজ মিশ্ৰক লৈ গঠিত শীৰ্ষ আদালতৰ বিচাৰপীঠে উত্থাপিত সাংবিধানিক প্ৰশ্ন আৰু বম্বে উচ্চ ন্যায়ালয়ৰ সম্যক বিশ্লেষণৰ প্ৰয়োজনীয়তাক স্বীকাৰ কৰি অধিসূচনা স্থগিত ৰাখে।

কমেডিয়ান কুনাল কামৰা, এডিটৰছ গিল্ড অৱ ইণ্ডিয়া, আৰু এছ’চিয়েশ্যন অৱ ইণ্ডিয়ান মেগাজিনছৰ দ্বাৰা দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি বিচাৰপীঠে ‘ফেক্ট চেক ইউনিট’ৰ চেঞ্চৰশ্বিপৰ সম্ভাৱনা আৰু তথ্যৰ অধিকাৰত পেলাব পৰা প্ৰভাৱৰ দিশ বিবেচনা কৰি স্থগিতাদেশ প্ৰদান কৰে।

আবেদনকাৰীসকলে চেঞ্চৰশ্বিপৰ উদ্বেগ প্ৰকাশ কৰি কয় যে নতুন নিয়মৰ জৰিয়তে সামাজিক মাধ্যমত ব্যৱহাৰকাৰীসকলে মুক্তভাৱে মত প্ৰকাশ কৰাত বাধা আৰোপ কৰিব। এই নিয়মে বাক স্বাধীনতাত হস্তক্ষেপ কৰিব বুলি আবেদনকাৰীসকলে উদ্বেগ প্ৰকাশ কৰে।

এনে অভিযোগ অস্বীকাৰ কৰি কেন্দ্রই ভুৱা বাতৰি দমন কৰিবলৈ জনস্বাৰ্থত এই নিয়ম জাৰি কৰা হৈছে বুলি যুক্তি দিয়াৰ লগতে তথ্য পৰীক্ষা প্ৰমাণৰ ভিত্তিত হ’ব আৰু এনে সিদ্ধান্তক আদালতত প্ৰত্যাহ্বান জনাব পৰা হ’ব বুলি উল্লেখ কৰিছিল।

দুয়োপক্ষৰ যুক্তিৰ অন্তত উচ্চতম ন্যায়ালয়ে উল্লেখ কৰে যে আই টি নিয়মৰ বৈধতাৰ ক্ষেত্ৰত গুৰুতৰ সাংবিধানিক প্ৰশ্ন জড়িত হৈ আছে। মত প্ৰকাশৰ স্বাধীনতাৰ ওপৰত ইয়াৰ প্ৰভাৱ বিশ্লেষণ কৰিব লাগিব বুলি উল্লেখ কৰি শীৰ্ষ আদালতে এই অধিসূচনা স্থগিত ৰাখে।