NORTHEAST NOW (Assamese)
অসম

দেশত ৮০ শতাংশ হিন্দু, ১৪ শতাংশ মুছলমান, কি ভয় খাইছে মোডীয়ে?-প্ৰশ্ন কাশ্মীৰৰ ওমৰ আব্দুল্লাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 23, 2024 10:44 am

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাষণক তীব্ৰ ভাষাত আক্ৰমণ কৰিছে। সোমবাৰে এখন নিৰ্বাচনী সভাত নেচনেল কনফাৰেঞ্চৰ নেতাগৰাকীয়ে কয় যে মোদীয়ে ধৰ্মৰ ভিত্তিত দেশক বিভাজন কৰিব বিচাৰে। তেওঁ অভিযোগ কৰে যে বিজেপিয়ে ধৰ্মৰ ভিত্তিত গোষ্ঠীৰ বিৰুদ্ধে গোষ্ঠীক যুঁজাব বিচাৰে। ফাৰুক আব্দুল্লাৰ পুত্ৰ ওমৰে কয় যে এয়া অতি উদ্বেগৰ বিষয়।

শ্বোপিয়ানত ওমৰ আব্দুল্লাই কয় যে এনে মন্তব্যবোৰ চলি আছে, যাতে ইটোৱে সিটোৰ বিৰুদ্ধে সংঘাতত লিপ্ত হয়। বিভিন্ন ধৰ্মৰ মাজত বিভেদ তুলি ধৰি সংঘাতৰ সৃষ্টিৰ চেষ্টা চলোৱা হৈছে। দেশৰ আন আন ঠাইত তেওঁলোকে কৈ ফুৰিছে যে হিন্দুসকল অস্তিত্বৰ সংকটত ভুগিছে। ওমৰে কয় যে দেশত হিন্দু জনসংখ্যাৰ হাৰ ৮০ শতাংশ। আৰু মুছলমান মাত্ৰ ১৪ শতাংশ। গতিকে ১৪ শতাংশ জনসংখ্যাৰ পৰা তেওঁলোকে কেনেধৰণৰ ভয় পাইছে?

লগতে পঢ়কঃ ৰাজস্থানত প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্যকলৈ ৰাজনৈতিক ধুমুহা; প্ৰতিবাদত একত্ৰিত বিৰোধী

ওমৰে লগতে কয়, মোক এটা প্ৰমাণ দেখুৱাওক য’ত এজন মুছলমানে নিজৰ অধিকাৰৰ বাহিৰত কোনো অতিৰিক্ত সুবিধা বিচাৰিছে? তেওঁৰ ভাষাত আমি কেতিয়াও আমাৰ অধিকাৰৰ বাহিৰত একো বিচৰা নাই। দেখুৱাওক কোনো মুছলমানে ভাৰতৰ সাংবিধানিক অধিকাৰৰ বাহিৰত অতিৰিক্ত সুবিধা বিচাৰিছে।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ৰাজস্থানত এখন সভাত বিৰোধী দলক আক্ৰমণ কৰাৰ সময়তে মুছলমানৰ বিষয়টো টানি আনে। মোডীয়ে অভিযোগ কৰে যে কংগ্ৰেছে ক্ষমতালৈ আহিলে দেশৰ জনসাধাৰণৰ ধন, সম্পত্তি, গহনা জব্দ কৰি অনুপ্ৰৱেশকাৰী আৰু বহুত সন্তান থকা লোকৰ হাতত গতাই দিব।

দেওবাৰৰ পিছত সোমবাৰেও প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছ আৰু ৰাহুল গান্ধীক মহিলাৰ অলংকাৰ চুৰি কৰিবলৈ চেষ্টা কৰাৰ অভিযোগত তীব্ৰ সমালোচনা কৰে। উত্তৰ প্ৰদেশৰ আলিগড়ত প্ৰচাৰ চলাওঁতে মোদীয়ে কয় যে কংগ্ৰেছ আৰু ইণ্ডিয়া মিত্ৰজোঁটৰ অংশীদাৰসকলে আপোনালোকৰ মংগলসূত্ৰ আৰু কাণফুলি ছিঙি নিবলৈ চেষ্টা কৰিছে। আপোনালোকৰ সঞ্চিত ধন-সম্পত্তি নিয়াৰ ষড়যন্ত্ৰ কৰিছে।

লগতে পঢ়কঃ IPL 2024: যশস্বীৰ অনবদ্য শতকেৰে দুৰ্দান্ত জয় ৰাজস্থানৰ; প্লে অফলৈ যোৱাৰ পথ কঠিন হ’ল হাৰ্দিকৰ মুম্বাইৰ

আনহাতে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ কাষত বহি মোডীয়ে মুছলমান ভোটাৰ প্ৰভাৱিত আলিগড়ৰ মহিলাসকলক কয় যে তেওঁলোকে আপোনাৰ ধন কাঢ়ি লৈ ​​দেশবাসীৰ মাজত বিতৰণ কৰাৰ কথা কৈছে। মুছলমান মহিলাৰ আৱেগক আলোড়িত কৰিবলৈ আগতে তিন তালাকে কেনেকৈ ছোৱালীৰ জীৱন দুৰ্বিষহ কৰি তুলিছিল। কিন্তু, বিজেপি চৰকাৰ আহি তিন তালাক বিলুপ্ত কৰাৰ বাবে সকাহ পাইছে মুছলমান মাতৃ-ভগ্নীসকল। তেওঁলোক ৰক্ষা পৰিছে।