NORTHEAST NOW (Assamese)
অসম

সময়ৰ শৰ সময়ত! নিষেধাজ্ঞাৰ পূৰ্বেই মাজুলীত বিঘাই বিঘাই মাটি কিনিলে ৰিণিকী ভূঞা শৰ্মাই

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী August 31, 2024 6:32 pm

বৈধ-অবৈধভাবে মাটি ক্ৰয় কৰাত নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মৰমৰ পত্নী তথা বহু কোম্পানীৰ মালিক ৰিণিকী ভূঞা শৰ্মাই। ৰিণিকী ভূঞা শৰ্মাই মাটি ক্ৰয় কৰি মাটি ক্ৰয় কৰা মহিলা হিচাপে সমাজত যিদৰে নিজৰ নাম খোদিত কৰিছে সেই স্থান লাভ কৰাতো আন মহিলাৰ বাবে যেন সম্ভৱ নহয়। কিয়নো মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা হৈছে অসমৰ আটাইতকৈ ডাঙৰ উদ্যোগী মহিলা। শক্তিশালী উদ্যোগী মহিলা হোৱাৰ বাবেই যেন খেতিয়কৰ বাবে অহা ১০ কোটি টকাৰ চাবচিটিও লাভ কৰে উদ্যোগতি মহিলাগৰাকীয়ে।

এইবাৰ বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলীত মাটি ক্ৰয় কৰি পুনৰ উজ্বলি উঠিছে ৰিণিকী ভূঞা শৰ্মা। যি মাজুলীত প্ৰতি বছৰে বানপানীৰ বাবে শ শ দৰিদ্ৰ লোকে ঘৰ-মাটি হেৰুৱাই, যি মাজুলীত দৰিদ্ৰ খেতিয়কে ঘৰ-মাটি হেৰুৱাই চৰকাৰ ক্ষতিপুৰণৰ নামত কেৱল লাভ কৰে কেৱল প্ৰতিশ্ৰুতি; সেই সময়ত মাজুলীত ৰিণিকী ভূঞা শৰ্মা আৰু তেওঁৰ পুত্ৰই ক্ৰয় কৰিছে প্ৰায় ১৯ বিঘা মাটি।

বিজেপি চৰকাৰে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষাৰ কথা চিন্তা কৰি বিধান সভাত গৃহীত কৰিছে অসম ভূমি আৰু ৰাজহ অধিনিয়ম (দ্বিতীয় সংশোধনী) বিধেয়ক, ২০২৪। এই অধিনিয়ম অনুসৰি অসমৰ ঐতিহাসিক প্রত্নতাত্বিক স্থানসমূহৰ সমীপৱৰ্তী সংৰক্ষিত অঞ্চলত বাহিৰা লোকে মাটি ক্ৰয় কৰিব নোৱাৰে। এই ঐতিহাসিক স্থানসমূহৰ ৫ কিলোমিটাৰ ব্যাসার্ধত মাটি সেই সকল লোকে হে ক্ৰয় কৰিব পাৰিব যি সকল লোকৰ তিনিটা প্রজন্মই সেই ঠাইত বাস কৰি আহিছে।

উল্লেখ্য যে বিধান সভাত প্ৰথমে নিৰ্ধাৰণ কৰা হৈছিল যে মাজুলীত প্ৰযোজ্য নহ’ব এই অধিনিয়ম । মাজুলীক এই অধিনিয়মৰ আওতাৰ পৰা নিলগাই ৰাখিছিল অসম চৰকাৰে।

কিন্তু পৰৱৰ্তী সময়ত ঠিৰাং কৰা গ’ল যে মাজুলীতো এই অধিনিয়ম প্ৰযোজ্য কৰা হ’ব। মাজুলী সংযোগী দলং হোৱাৰ পিছত যাতে বহিৰাগত লোকে মাজুলীত মাটি-বাৰী কিনি, ব্যৱসায়িক প্ৰতিষ্ঠান খুলি মাজুলীৰ আধ্যাত্মিক পৰিৱেশ বিনষ্ট কৰিব নোৱাৰে তাৰ বাবে অহা ১ নবেম্বৰৰ পৰা মাজুলীতো ভূমি ক্ৰয়ৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞাৰ নীতি আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে অসম চৰকাৰে।

কিন্তু ১ নবেম্বৰৰ আগতেই মাজুলীত মাটি কিনি ল’লে ৰিণিকি ভূঞা শৰ্মাই। তথ্য অনুসৰি মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা আৰু পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ মালিকাধীন ক্কা ষ্টেটছ এল এল পিৰ নামত মাজুলীত ক্রয় কৰা হৈছে মুঠ ১৮ বিঘা ৪ কঠা ১৪ লেচা মাটি

মুঠ দুটা পৰ্যায়ত এই মাটিখিনি ক্ৰয় কৰে হিমন্ত বিশ্ব শৰ্মাৰ পত্নী-পুত্ৰই। প্ৰথম পৰ্যায়ত অৰ্থাৎ ২০২২ চনৰ ১৮ মেত মাজুলী ৰাজহ চক্রঅন্তৰ্গত কমলাবাৰী মৌজাৰ টটয়া গাঁৱত উক্ত গাঁৱৰে বাসিন্দা সুনীল নেওগ, ভবানন্দ নেওগ, ৰবীন নেওগ, মহেন্দ্র নেওগ, মিনাক্ষী নেওগ, প্রফুল্লী নেওগ, সৰোজ নেওগ, দিলীপ নেওগ আৰু সবিতা নেওগৰ পৰা ক্রয় কৰিছে এই ভূমিখিনি। ধৰিত্ৰী এপত পোৱা তথ্য অনুসৰি এই মাটিখিনিৰ দাগ নং ১৪৯৭ আৰু পট্টা নং ১৪২২।

দ্বিতীয় পর্যায়ত অৰ্থাৎ ২০২৩ চনৰ ১ জুনত কেখন গাঁৱৰে নাৰায়ণ পাচনীৰ পৰা মুখ্যমন্ত্ৰীৰ পত্নী-পুত্ৰই ক্ৰয় কৰিছে ১ বিঘা ১৬ লেচা মাটি। ধৰিত্ৰী এপ অনুসৰি মাটিখিনিৰ দাগ নং ১০২৫ আৰু পট্টা নং ২৯৪।

এনেকৈ মাজুলী ৰাজহ চক্ৰৰ অন্তর্গত কমলাবাৰী মৌজাৰ টটয়া গাঁৱত ৰিণিকি ভুঞা শৰ্মাই এক্কা ইস্টেটছৰ নামত ক্ৰয় কৰিছে মুঠ ১৮ বিঘা ৪ কঠা ১৪ লেচা ভূমি। উল্লেখ্য যে মাজুলীত ১৮ বিঘা ৪ কঠা ১৪ লেচা ভূমি

উল্লেখ্য যে এক্কা ইষ্টেটছ এলএলপিত ৰিণিকী ভূঞাৰ লগত অংশীদাৰিত্ব আছে পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ। ২০২০ চনৰ ২৫ ডিচেম্বৰ তাৰিখে গঠন কৰা হৈছিল এই কোম্পানীটো। কোম্পানীটোৰ ৱেবচাইটত(https://www.zaubacorp.com/company/EKAA-ESTATES-LLP/AAV-2485#google_vignette) পোৱা তথ্য অনুসৰি শ্বিলঙত পঞ্জীয়নকৃত এইটো এটা নিৰ্মাণকাৰী কোম্পানী।

এতিয়া প্ৰশ্ন হৈছে কিয় অসম ভূমি আৰু ৰাজহ অধিনিয়মত প্ৰথম অৱস্থাত ভূমি ক্ৰয়ৰ নিষেধাজ্ঞাৰ পৰা মাজুলী জিলাখনক আঁতৰত ৰখা হৈছিল। লগতে প্ৰশ্ন উত্থাপন হৈছে যে ৰিণিকী ভূঞা শৰ্মাই মাটি কিনিবলৈকে মাজুলীক আঁতৰাই ৰখা হৈছিল নেকি এই অধিনিয়মৰ আওঁতাৰ পৰা? লগতে অভিযোগ উত্থাপন হৈছে যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছতেই সম্পত্তিৰ পৰিমাণ বাঢ়িছে পৰিয়ালটোৰ। লগতে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত ৰিণিকী ভূঞা শৰ্মাই মুঠ ১২৫ বিঘা মাটি ক্ৰয় কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলৰ নেতা ভাস্কো ডি শইকীয়াই।