NORTHEAST NOW (Assamese)
অসম

মুখ্যমন্ত্ৰীয়ে ৰাইজৰ সমস্যা সমাধানত গুৰুত্ব নিদি নিজৰ বিফলতা লুকুৱাবলৈ ৰাজনীতি কৰি আছে: গৌৰৱ গগৈ

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ September 4, 2024 3:15 pm

আজি  সাংসদ গৌৰৱ গগৈৰ জন্মদিন। জন্মদিনত শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত বন্তি প্ৰজ্বলন তথা শৰাই আগবঢ়ায় গৌৰৱ গগৈয়ে।

ইয়াৰ উপৰিও জন্মদিনৰ লগত সংগতি ৰাখি গৌৰৱ গগৈ ফেনচ্ ক্লাবৰ উদ্যোগত গছপুলি ৰোপন আৰু চাফাই অভিযান কাৰ্যসূচীত অংশগ্ৰহণ কৰে গৌৰৱ গগৈয়ে।

জন্মদিনত অনাগত দিনত ৰাইজৰ একনিষ্ঠ সেৱক হিচাপে কাম কৰি যোৱাৰ সংকল্প লয় গৌৰৱ গগৈয়ে।

লগতে পঢ়কঃ সন্ধান ওলাল চুমি বৰাৰ! গুৱাহাটীতে লুকাই আছিল চুমি আৰু তাৰ্কিক; আশ্ৰয় দি বিপদত কণ্ঠশিল্পী দীক্ষু

ঐতিহাসিক সম্পদৰ সঠিক সংৰক্ষণ, সৌন্দৰ্যবৰ্ধন, পৰ্যটন স্থলী হিচাপে গঢ়িবলৈ কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ পৰা প্ৰয়োজনীয় সুবিধা অসমে লাভ নকৰা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ গৰাকীয়ে।

সাম্প্ৰতিক পৰিস্থিতিকলৈয়ো উদ্বিগ্নতা প্ৰকাশ কৰিলে গৌৰৱ গগৈয়ে। চাইবাৰ ক্ৰাইম ৰোধ কৰিবলৈ যিদৰে সজাগতাৰ পৰা আৰম্ভ কৰি বিভিন্ন পদক্ষেপ ল’ব লাগিছিল অসম চৰকাৰে তেনে নকৰা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদগৰাকীয়ে।

জন্মদিনত শিৱদৌলত বন্তি প্ৰজ্বলন তথা শৰাই আগবঢ়ায় গৌৰৱ গগৈয়ে। ফটোঃ নৰ্থইষ্ট নাও।

ইপিনে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিও সৰৱ হৈ পৰে গৌৰৱ গগৈ। ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা ভাল নহয়। সামূহিকভাৱে অসমত ক্ৰাইম বৃদ্ধি পাইছে। বৰ্তমানৰ চৰকাৰে ৰাইজৰ মূল সমস্যা সমাধান নকৰি বিভ্ৰান্তি সৃষ্টি কৰাত গুৰুত্ব দিছে। মূখ্যমন্ত্ৰীয়ে ৰাইজৰ সমস্যা সমাধানত গুৰুত্ব নিদি নিজৰ বিফলতা লুকুৱাবলৈ ৰাজনীতি কৰি আছে। এই মন্তব্য কৰে গৌৰৱ গগৈয়ে।

লগতে পঢ়কঃ বিশাল ফুকনৰ পিছত আন এজন অনলাইন প্ৰৱঞ্চক ৰঞ্জিত কাকতিক গ্ৰেপ্তাৰ; আৰক্ষীৰ ব্যাপক অভিযান

মুখ্যমন্ত্ৰীয়ে ৰাইজৰ বিবেকক আৰু অপমানিত নকৰিব, যোৱা লোকসভা নিৰ্বাচনৰ পৰা যি শিক্ষা ল’ব লাগিছিল সেই শিক্ষা লওঁক বুলিও কটাক্ষ কৰে গৌৰৱ গগৈয়ে।