NORTHEAST NOW (Assamese)
অসম

নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা : দুৰ্ঘটনাত বিধ্বস্ত মুখমন্ত্ৰীৰ কনভয়ৰ গাড়ী

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 10, 2024 9:08 pm

পুনৰ দুৰ্ঘটনা সংঘটিত হ’ল মন্ত্ৰীৰ কনভয়ত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ত যোৱা এখন বাহন দুৰ্ঘটনাত বিধ্বস্ত হৈ পৰে।

মঙলবাৰে সোণাপুৰৰ পাটাৰকুছিৰ সমীপত দুৰ্ঘটনাটো সংঘটিত হয়।

নগাঁৱৰ কনভয়ৰ আৰক্ষীৰ বাহনখনে তেজপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল। কিন্তু সোণাপুৰত নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই ঘটনা।

সৌভাগ্যক্ৰমে এই দুৰ্ঘটনাত কোনো লোক হতাহতি হোৱা নাই। এই ঘটনা সংঘটিত হোৱাৰ সময়ত ইতিমধ্যে আন বাহনসহ মুখ্যমন্ত্রীৰ কনভয়ে সেই স্থান পাৰ হৈ গৈছিল৷

এই দুৰ্ঘটনাত AS02AR2977 পঞ্জীয়ন নম্বৰৰ আৰক্ষীৰ বাহনখনৰ যথেষ্ট ক্ষতিসাধন হয়।