NORTHEAST NOW (Assamese)
Popular Stories

সমাজ কৰ্মী নদীম খানক গ্ৰেপ্তাৰৰ পৰা সুৰক্ষা দিল্লী উচ্চ ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 12, 2024 4:31 pm

১১ ডিচেম্বৰত দিল্লী উচ্চ ন্যায়ালয়ে মানৱ অধিকাৰ কৰ্মী নদীম খানক গ্ৰেপ্তাৰৰ পৰা সুৰক্ষা প্ৰদান কৰে। ন্যায়াধীশ জছমীত সিঙে নিৰ্দেশ দিয়ে যে যদি দিল্লী আৰক্ষীয়ে খানক জিম্মাত লোৱাৰ প্ৰয়োজনীয়তা অনুভৱ কৰে তেন্তে সাত দিন আগতীয়াকৈ লিখিত জাননী দিব লাগিব। আৰক্ষীয়ে আশ্বাস দিয়ে যে খানক গ্ৰেপ্তাৰ কৰা নহব আৰু যদি সোধা-পোছাৰ বাবে আটক কৰা হয় তেন্তে তেওঁক আগতীয়াকৈ অৱগত কৰা হব। ইয়াৰ পূৰ্বে খানক দিল্লী-এনচিআৰ অঞ্চল এৰি যোৱাতো নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।

এছচিয়েশ্যন ফৰ প্ৰটেকচন অৱ চিভিল ৰাইটছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক নদীম খানে আদালতত দুখনকৈ আবেদন দাখিল কৰিছিল, তদন্ত বন্ধ কৰি এফআইআৰ বাতিল কৰিবলৈ। এই এফ আই আৰত খানৰ বিৰুদ্ধে শত্ৰুতা উচটনি দিয়া, জনসম্পৰ্কৰ ক্ষতি কৰা, অশান্তি আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰা হৈছিল। খানৰ সহযোগিতাৰ প্ৰতি লক্ষ্য ৰাখি আদালতে খানৰ বিৰুদ্ধে জাৰি কৰা নন-বেইলেবল ৱাৰেণ্টো বাতিল কৰে।

চিয়েল মিডিয়াৰ এটা ভিডিঅৰ পৰাই এই গোচৰটো আৰম্ভ হৈছিল যত এটা সম্প্ৰদায়ক ভুক্তভোগী হিচাপে দেখুওৱা হৈছিল। আৰক্ষীয়ে দাবী কৰে যে এই ভিডিঅটো মানুহক উচটনি দিবলৈ কৰা হৈছিল, আনহাতে খানে কয় যে এই ভিডিঅটো সংখ্যালঘুৰ অধিকাৰ, ঘৃণামূলক বাক্য আৰু বৈষম্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছিল

শুনানিৰ সময়ত খানৰ আইনী দলটোৱে যুক্তি দিছিল যে আৰক্ষীৰ তদন্তৰ লক্ষ্য হৈছে খানক হাৰাশাস্তি কৰা আৰু লগতে ফোনসমূহ পৰীক্ষা কৰাৰ দাবীত আপত্তি কৰে। আদালতে আৰক্ষীৰ তদন্তমূলক কৰ্তৃত্ব গ্ৰহণ কৰি কয় যে তেওঁৰ স্বাধীনতাৰ অধিকাৰ সুৰক্ষিত কৰা হৈছে, আৰু তেওঁক গ্ৰেপ্তাৰ কৰা হোৱা নাই।