NORTHEAST NOW (Assamese)
দেশ

কুকুৰৰ আশ্ৰয় গৃহৰ যত্ন লৈ থকা অৱস্থাত পিট বুলৰ আক্ৰমণত আহত যুৱক! ভাইৰেল ভয়ংকৰ ভিডিঅ’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 3, 2025 7:45 pm

পোহনীয়া পিট বুল প্ৰজাতিৰ কুকুৰৰ আক্ৰমণত আহত এজন যুৱক।  জানিব পৰা মতে, নয়ডাৰ এটা কুকুৰৰ আশ্ৰয় গৃহত পিটবুলটোৰ যত্ন লৈ আছিল যুৱকজনে।

তেনে সময়তে যুৱকজনৰ ভৰিত কামুৰে কুকুৰটোৱে। সমগ্ৰ ঘটনাটো বন্দী হৈছে চিচিটিভি কেমেৰাত।

ইয়াৰ পিছত কুকুৰটোৱে যুৱকজনক কামুৰি টানি লৈ যায়, যাৰ ফলত যুৱকজন সম্পূৰ্ণ আঘাতপ্ৰাপ্ত হয়। পিছত আন কৰ্মচাৰীসকলে অতি কষ্টেৰে কুকুৰটোৰ পৰা উদ্ধাৰ কৰি যুৱকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

মন কৰিবলগীয়া যে যোৱা বছৰৰ মাৰ্চ মাহত কেন্দ্ৰীয় চৰকাৰে কেইবাটাও হিংস্ৰ জাতৰ কুকুৰৰ আমদানি, প্ৰজনন, আনকি বিক্ৰীতো নিষেধাজ্ঞা আৰোপ কৰিছিল।

নিষেধাজ্ঞা আৰোপ কৰা কুকুৰৰ তালিকাত থকা প্ৰজাতি সমূহন আছিল ৰটৱেইলাৰ, পিটবুল, টেৰিয়াৰ, উলফ ডগ, মাষ্টিফ আদি।

ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ঘৰৰ মালিকক গ্ৰেপ্তাৰ কৰি জেৰা আৰম্ভ হৈছে।