NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

ভেনিজুৱেলাৰ পৰা তেল ক্ৰয়ৰ কৰা বাবে ভাৰত-চীনৰ ওপৰত পুনৰ ২৫% শুল্ক আৰোপ ট্ৰাম্প প্ৰশাসনৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 25, 2025 9:38 am

ভেনিজুৱেলাৰ পৰা তেল ক্ৰয়ৰ কৰাৰা বাবে চীন, ভাৰতক লক্ষ্য কৰি লৈছে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। সোমবাৰে ভেনিজুৱেলাৰ পৰা তেল আৰু গেছ ক্ৰয় কৰা দেশৰ আমদানিৰ ওপৰত ট্ৰাম্প প্ৰশাসনে ২৫% শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰে।

ট্ৰাম্প প্ৰশাসনৰ এই পদক্ষেপে চীন, ভাৰতৰ লগতে অন্যান্য দেশসমূহকো প্ৰভাৱিত কৰিব। ২ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব লগীয়া বৰ্তমানৰ হাৰৰ অতিৰিক্ত এই শুল্কসমূহ এক কাৰ্যবাহী আদেশৰ পিছতে আৰোপ কৰা হৈছে। আমেৰিকাৰ বাণিজ্য আৰু কূটনৈতিক সম্পৰ্ক পুনৰ নিৰ্মাণৰ বাবে ৰাজ্য সচিবৰ নেতৃত্বত হোৱা আলোচনা মৰ্মে এই সিদ্ধান্ত গ্ৰহণ কৰআ বুলি  সদৰী কৰিছে।

ট্ৰাম্পে জানুৱাৰী মাহত পুনৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা কথিত অন্যায় প্ৰথাৰ বিৰুদ্ধে যুঁজিবলৈ ট্ৰাম্পে শুল্ক আৰোপ কৰিছে বুলি উল্লেখ কৰিছে। ফেব্ৰুৱাৰী মাহত ভেনিজুৱেলাৰ পৰা প্ৰতিদিনে ৫ লাখ বেৰেল তেল আমদানি কৰা চীনৰ লগতে স্পেইন আৰু ভাৰতে আমেৰিকাৰ সৈতে যথেষ্ট বিপদৰ সন্মুখীন হৈছে।

ট্ৰাম্পে ২ এপ্ৰিলক অমেৰিকাৰ অৰ্থনীতিৰ বাবে “মুক্তি দিৱস” বুলি অভিহিত কৰি ভেনিজুৱেলাক শত্ৰুতাপূৰ্ণ ব্যৱহাৰ কৰা  আৰু আমেৰিকালৈ অপৰাধী পঠোৱা বুলি অভিযোগ উত্থাপন কৰিছে। যদিহে ভেনিজুৱেলাই  কোনো ব্যৱস্থা নলয়, আমদানি বন্ধ হোৱাৰ পিছতো এবছৰলৈকে এই শুল্ক প্ৰযোজ্য হৈ থাকিব বুলি ট্ৰাম্পে ঘোষণা কৰে।  

ট্ৰেজাৰী সচিব স্কট বেছাণ্টে জনাইছে যে বাণিজ্যৰ ভাৰসাম্যহীন শীৰ্ষ ১৫% দেশক লক্ষ্য কৰি লোৱা এই নীতি, প্ৰথা সলনি হ’লে এৰাই চলিব পৰা যাব বুলি মত প্ৰকাশ কৰে। ইফালে নিষেধাজ্ঞা শিথিল কৰাৰ মাজতে ভেনিজুৱেলাৰ পৰা তেল আমদানি বন্ধ কৰিবলৈ ২৭ মে’লৈ সময়সীমা বৃদ্ধি কৰিছে।