NORTHEAST NOW (Assamese)
Popular Stories

চিকিৎসা বিজ্ঞানৰ মেধাৱী ছাত্ৰী জ্যোতিশিখা চৌধুৰীৰ বিয়োগ, গুণমুগ্ধৰ মাজত শোকৰ ছাঁ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 20, 2025 12:33 pm

গুৱাহাটীৰ চচল নিবাসী তথা বি. বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড কমল চৌধুৰীৰ কন্যা জ্যোতিশিখা চৌধুৰীৰ ১৯ জুলাই তাৰিখে অকাল বিয়োগ ঘটে। অসম জাতীয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ জ্যোতিশিখাই ডিফু মেডিকেল কলেজত এম বি বি এছ পাঠ্যক্ৰমৰ চূড়ান্ত বৰ্ষত অধ্যয়ন কৰি আছিল।

জানিব পৰা মতে যোৱা প্ৰায় তিনিটা বছৰ ধৰি তেওঁ মগজুৰ এক জটিল ৰোগত আক্ৰান্ত হৈ আছিল যদিও  চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছিল আৰু নিজৰ অধ্যয়ন অব্যাহত ৰাখিবলৈ সক্ষম হৈছিল। কিন্তু শেহতীয়াকৈ তেওঁ পুনৰ এই ৰোগত আক্ৰান্ত হোৱাত জটিল পৰিস্থিতিৰ সন্মুখীন হয়।

এনে পৰিস্থিতিত গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত জ্যোতিশিখাক ভৰ্তি কৰোৱা হৈছিল যদিও কালি ১৯ জুলাইৰ পুৱাৰ ভাগত সেই হাস্পতালতে শেষ নিশ্বাস ত্যাগ কৰে। জ্যোতিশিখাৰ অকাল মৃত্যুত অসম জাতীয় বিদ্যালয়ৰ পৰিয়ালো শোকত ম্ৰিয়মাণ হৈছে।

অসম জাতীয় বিদ্যালয়ৰ সচিব ডাঃ নাৰায়ণ শৰ্মা,  সভাপতি দিলীপ কুমাৰ দত্ত চৌধুৰীৰ লগতে বিদ্যালয়ৰ সমূহ শিক্ষক, কৰ্মচাৰীয়ে তেওঁলোকৰ ছাত্ৰীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।