NORTHEAST NOW (Assamese)
Popular Stories

ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 28, 2026 11:22 am

তেওঁ বিশ্ব ফুটবলৰ বিস্ময়। ৩৯ বছৰ বয়সতো তেওঁ খেলপথাৰত দুৰন্ত তৰুণ। প্ৰতিখন মেচতে ইটোৰ পিছত সিটোকৈ অভিলেখ ভংগ কৰি সৃষ্টি কৰিছে নতুন অভিলেখ।তেওঁ হৈছে লিয়নেল মেছি।

বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ত আৰ্জেণ্টিনাৰ অন্তিমখন খেলত তেওঁক আৰম্ভণিতে নমোৱা নাছিল প্ৰশিক্ষক লিয়নেল স্কাল’নীয়ে। এইখন আছিল নিয়মৰক্ষাৰ মেচ। কাৰণ, ইতিমধ্যে আৰ্জেণ্টিনাই গ্ৰুপৰ শীৰ্ষৰ পৰা নকআউট পৰ্যায়লৈ যোৱাটো নিশ্চিত হৈছিল। সেয়ে স্কাল’নীয়ে দলৰ শ্ৰেষ্ঠ অস্ত্ৰক কিছু জিৰণি দিব বিচাৰিছিল।

অৱশ্যে দ্বিতীয়াৰ্ধৰ ৬০ মিনিটৰ অন্তত প্ৰশিক্ষকে মেছিক নমায়। আৰু নামিয়েই মেছিয়ে তেওঁৰ ক্লাছ প্ৰমান কৰি দিলে। তেওঁ এটা আচৰিত ধৰণৰ ফ্ৰী কিক গ’ল দিয়ে। তেওঁ জৰ্ডানৰ গ’লৰক্ষকক লৰচৰ কৰাৰ সুযোগেই নিদিলে। আৰ্জেণ্টিনাৰ কিংবদন্তিগৰাকীয়ে চলিত বিশ্বকাপত ৬টা গ’ল দিছে। গোল্ডেন বুটৰ দৌৰত তেওঁ সকলোতকৈ আগবাঢ়ি আছে।

আজি মেছিয়ে আন এক অভিলেখ গঢ়িলে। তেওঁ আৰ্জেণ্টিনাৰ জাৰ্চি পিন্ধি একেৰাহে বিশ্বকাপৰ ৭খন খেলত গ’ল দিছে। নিজৰ দেশৰ হৈ একেৰাহে ৭খন বিশ্বকাপ মেচত আন কোনোৱে গ’ল দিয়া নাই৷ জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰি আৰ্জেণ্টিনাই নকআউটত প্ৰৱেশ কৰে। ৩ খন খেলৰ পৰা ৯ পইণ্ট লাভ কৰিছে। অন্তিম ৩২ত তেওঁলোকৰ সন্মুখত কেপ ভাৰ্ডে।

খেলখনৰ প্ৰথমাৰ্ধৰ ১৯ মিনিটত টাহাই বক্সৰ ঠিক বাহিৰত লো চেলছ’ক ফাউল কৰে। আৰ্জেণ্টিনাই ফ্ৰী কিক লাভ কৰে। চেলছ’ৱে দ্ৰুত ফ্ৰী কিক লৈ গ’লপোষ্টৰ ওপৰৰ বাওঁফালৰ কোণৰ পৰা বলটো নেটত সোমাই দিয়ে। আৰ্জেণ্টিনা আগবাঢ়ি যায়।

প্ৰথমাৰ্ধত আৰ্জেণ্টিনাই আন এটা গ’ল দিয়ে। বল ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰি থাকোঁতে আল ৰাছডানে বুটেৰে চেনেছিৰ মুখত আঘাত কৰে। ৰেফাৰীয়ে পেনাল্টিৰ নিৰ্দেশ দিয়ে। লাউটাৰো মাৰ্টিনেজে গ’লটো দিয়ে। বিশ্বকাপত তেওঁৰ প্ৰথমটো গ’ল। মেছিৰ অনুপস্থিতিত তেওঁ আক্ৰমণৰ নেতৃত্ব দিছিল। মাৰ্টিনেজে মেচখনত আৰু এটা গ’ল দিব পাৰিলেহেঁতেন। তেওঁৰ দীৰ্ঘ দূৰত্বৰ শ্বটটোৱে ক্ৰছবাৰত খুন্দা মাৰে।

মেচখনৰ দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে জৰ্ডানে অলপ প্ৰত্যাক্ৰমণৰ চেষ্টা কৰিছিল। অৱশ্যে অফছাইডৰ বাবে পাৰেডেছৰ এটা গ’ল বাতিল হয়। খেলখনৰ গতিৰ বিপৰীতে খেলখনৰ ৫৫ মিনিটত জৰ্ডানে গ’ল এটা দিয়ে। হাদ্দাদৰ ক্ৰছ স্পৰ্শ কৰি আল-তামাৰীয়ে গ’লটো দিয়ে।

কিন্তু মেছিৰ নমাৰ পিছত জৰ্ডান পৰাস্ত হয়। খেলখন ৩-১ গ’লত সমাপ্ত হয়। বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ আটাইকেইখন খেলতে আৰ্জেণ্টিনা, ফ্ৰান্স আৰু মেক্সিকোৱে জয়লাভ কৰিছে।