NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত সেনা-আৰক্ষীৰ অভিযানত অস্ত্ৰসহ দুজন এন ডি এফ বি আটক

Posted by: ৰিনয় বসুমতাৰী July 4, 2018 10:43 pm
NDFB (S) cadre

এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত কোকৰাঝাৰ আৰক্ষী আৰু ১২ নং শিখলাই সেনাৰ ৰেজিমেণ্টে যৌথ অভিযান চলাই জিলাখনৰ উত্তৰ হাইজ্ৰাইগুৰী অঞ্চলৰ ৩নং ৰাইডৰ পৰা এন ডি এফ বি (এছ) গোটৰ দুগৰাকী সদস্যক আটক কৰে।

কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে জনোৱা মতে বুধবাৰে পুৱতি নিশা প্ৰায় ১.৫০ বজাত অভিযানকাৰী দলটোৱে দুজন লোকৰ চাল-চলন দেখি সন্দেহ উপজাত ৰখিবলৈ কোৱাত তেওঁলোকে পলাবলৈ চেষ্টা চলাইছিল যদিও সেনা-আৰক্ষীৰ দলটোৱে তেওঁলোকক আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন এন ডি এফ বি(এছ)ৰ সদস্য দুগৰাকীৰ এজন হৈছে ম্যানমাৰত প্ৰশিক্ষিত তথা সংগঠনটোৰ ৪২নং বেটচৰ দুৰ্ধৰ্ষ কেডাৰ ২ নং তাকামপুৰ গাঁৱৰ বানিকান্ত নাৰ্জাৰীৰ পুত্ৰ অনচুমা নাৰ্জাৰী(২৬) ওৰফে গালৰ বুলি চিনাক্ত কৰা হৈছে।

আনহাতে আনজন সদস্য হ’ল সংগঠনটোৰ হৈ লিংকমেনৰ কাম কৰা গোঁসাইগাঁৱৰ হাইজ্ৰাইগুৰীৰ ষ্টিফেন নাৰ্জাৰীৰ পুত্ৰ সমীৰ নাৰ্জাৰী(২৫) ওৰফে হালাং।

ধৃত এন ডি এফ বি সদস্য দুজনৰ জিম্মাৰ পৰা আৰক্ষীয়ে এটা ৭.৬৫ এম এম পিষ্টল, ৪ জাঁই সক্ৰিয় গুলী আৰু এটা মোবাইল হেণ্ডচেট উদ্ধাৰ কৰা বুলি সদৰি কৰে।