NORTHEAST NOW (Assamese)
অসম

ধৰ্ষণৰ অভিযোগ : বিধায়ক নিজামুদ্দিন চৌধুৰীৰ জামিন আবেদন নাকচ উচ্চ ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ July 12, 2018 6:50 am
rape-victim-and-accused-620x400-570x320-1

ধৰ্ষণৰ অভিযোগ উত্থাপিত হোৱাৰ পিছত আত্মগোপন কৰি থকা বৰাকৰ এ আই ইউ ডি এফৰ বিধায়ক নিজামুদ্দিন চৌধুৰীৰ অগ্ৰিম জামিনৰ আবেদন নাকচ কৰিছে ন্যায়ালয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ত অগ্ৰিম জামিন বিচাৰি দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি বুধবাৰে ন্যায়ালয়ে আবেদনখন খাৰিজ কৰে।

উচ্চ ন্যায়ালয়ে আৰক্ষীক অহা ১৯ জুলাইত আদালতত কেছ ডায়েৰী দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। এতিয়া বৰাকৰ আলগাপুৰৰ বিধায়কজন আইনৰ বিচাৰৰ মাজত সোমাই পৰাত তেওঁৰ ৰাজনৈতিক জীৱনলৈ সংকট নামি অহাটো স্পষ্ট হৈ পৰিছে।

উল্লেখযোগ্য যে বিধায়কগৰাকীৰ বিৰুদ্ধে যোৱা মে’ মাহত এগৰাকী মহিলাক দুবাৰকৈ ধৰ্ষণ কৰাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে। বিধায়কগৰাকীৰ এনে কাণ্ডৰ সৈতে মহিলাগৰাকীৰ স্বামীও জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে আৰু মহিলাগৰাকীৰ ভাষ্যৰ আধাৰতে আৰক্ষীয়ে তেওঁক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।

আনহাতে, শনিবাৰে মুম্বাইলৈ পলায়নৰ বাবে বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ সময়তে ভুক্তভোগী মহিলাগৰাকীৰ স্বামী শ্বাহিদ আহমেদ লস্কৰক আজাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে নিজকে নিৰ্দোষী বুলি দাবী কৰা বিধায়ক নিজাম উদ্দিন চৌধুৰী বৰ্তমানো পলাতক হৈ আছে।

বিধায়কগৰাকীয়ে আইনৰ ওপৰত তেওঁৰ আস্থা আছে বুলি উল্লেখ কৰি এয়া তেওঁৰ বিৰুদ্ধে এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি ব্যক্ত কৰিছিল। এগৰাকী জনপ্ৰতিনিধিৰ বিৰুদ্ধে এনেধৰণে ধৰ্ষণৰ অভিযোগ উত্থাপন হোৱাৰ লগতে ন্যায়ৰ বাবে আদালতৰ মজিয়া পোৱাত বিষয়টোৰ প্ৰতি সকলোৰে দৃষ্টি নিৱদ্ধ হৈ পৰিছে।