NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীৰ আৰক্ষী আয়ুক্ত পদৰ পৰা হীৰেন নাথৰ বিদায়ে বিষাদগ্ৰস্ত কৰিলে বহুতকে

Posted by: এন ই নাও নিউজ September 1, 2018 11:52 pm
Pradeep Saloi

বহু চৰকাৰী উচ্চ পদস্থ বিষয়া আছে যিসকল প্ৰায়ে বিভিন্ন বিতৰ্কৰেৰে চৰ্চাত থাকে। তেওঁলোকৰ বিৰুদ্ধে সততে বিভিন্ন দল-সংগঠন বা ব্যক্তি বিশেষ সৰৱ হৈ থকাও সাধাৰণ কথা। সংবাদ মাধ্যমৰো বাতৰিৰ শিৰোনামত থাকে তেওঁলোকৰ নাম। কিন্তু তেনে বহু বিষয়াৰ চৰিত্ৰৰ বিপৰীত গুৱাহাটী মহানগৰ আৰক্ষীৰ বিদায়ী আয়ুক্ত হীৰেন চন্দ্ৰ নাথ।

শনিবাৰে শীৰ্ষ বিষয়াগৰাকীয়ে মহানগৰ আৰক্ষীৰ আয়ুক্ত পদৰ পৰা বদলিৰ পাছতেই তেওঁক লৈ আৰক্ষীৰ লগতে বিভিন্ন মহলত চৰ্চা চলা পৰিলক্ষিত হয়।

মহানগৰৰ আৰক্ষী আয়ুক্ত পদৰ পৰা বিদায় লোৱাৰ দিনটোত তেওঁৰ কাৰ্যালয়ৰ আন বিষয়া আৰু কৰ্মচাৰীসকলৰ মনবোৰ যেন আজি সেমেকা, তেনে এক ভাৱ দেখা গ’ল। কিয়নো সকলোৰে প্ৰিয় আছিল নিষ্ঠাৱান আৰক্ষী বিষয়া হীৰেন চন্দ্ৰ নাথ।

তেওঁলোকৰ মুখত কেৱল এই কথা, ‘ছাৰ বহুত ভাল মানুহ। এনেকুৱা বিষয়া বহুত ক’ম আছে। তেওঁ বহু উদাৰ মনৰ মানুহ।’

অপ্ৰিয় হ’লেও এটা কথা সঁচা যে বহু আৰক্ষী বিষয়াই ঘোচ লোৱা, দুৰ্নীতিত লিপ্ত হোৱা আদি বিভিন্ন বাতৰি প্ৰকাশ হৈ থাকে। কিন্তু এইবোৰৰ সম্পূৰ্ণ ব্যতিক্ৰম আছিল হীৰেন চন্দ্ৰ নাথ।

এগৰাকী জুনিয়’ৰ আৰক্ষী বিষয়াই আমাক ক’লে, ‘হীৰেন নাথ চাৰে সদায় সততাৰেই দায়িত্ব পালন কৰি গৈছে। দুৰ্নীতিৰ ক্ষেত্ৰত কেতিয়াও তেওঁ আপোচ কৰা আমি দেখা নাই। তেওঁক এজন মন্ত্ৰীয়েও দুৰ্নীতিত লিপ্ত কৰাব নোৱাৰে।’

মহানগৰ আৰক্ষীৰ শীৰ্ষতম দায়িত্বৰ পৰা নাথক বদলি কৰাৰ খবৰ প্ৰকাশ পোৱাৰ পাছৰে পৰা আৰক্ষীৰ লোকৰ উপৰি সাংবাদিক, বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়ে তেওঁৰ কাৰ্যাললৈ গৈ তেওঁক বিদায় তথা শুভেচ্ছা জনোৱাও দেখা গ’ল। প্ৰত্যেকেই নাথৰ কৰ্তব্যনিষ্ঠা আৰু সততাৰ শলাগ ল’লে।

উল্লেখ্য যে, ১৯৯৬ বৰ্ষৰ আই পি এছ কেডাৰ হীৰেন নাথে অসম আৰক্ষীৰ বিভিন্ন গুৰুত্বপূৰ্ণ দায়িত্বত থকাৰ পাছত ২০১৬ চনৰ ২৬ আগষ্টত গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ দায়িত্ব লৈছিল। তেওঁ আছিল গুৱাহাটীৰ তৃতীয়গৰাকী আৰক্ষী আয়ুক্ত।

গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হিচাপে দায়িত্ব থকা যোৱা দুটা বছৰত নাথে অতি দক্ষতাৰে দায়িত্ব সম্পাদন কৰা দেখা গ’ল। যোৱা বছৰ দুটাত সংঘটিত উল্লেখনীয় ঘটনাৰ ভিতৰত স্বেতা আগৰৱালাৰ হত্যাকাণ্ড, ভূপিন্দৰ সিং হত্যাকাণ্ড, কেবাটাও শিশু অপহৰণ আৰু নাৰীজনিত অপৰাধৰ অভিযুক্তক গ্ৰেপ্তাৰৰ ক্ষেত্ৰত নাথৰ তৎপৰতা শলাগিব লগীয়া।