NORTHEAST NOW (Assamese)
অসম

হৰিনামৰ ধ্বনিৰে দ্বিতীয় বৈকুণ্ঠত পৰিণত বটদ্ৰৱা থান

Posted by: মিণ্টু দাস September 19, 2018 7:36 pm

মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ ৫৭০ সংখ্যক জন্মোৎসৱ উপলক্ষে আজি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে মহাপুৰুষজনাৰ পৱিত্ৰ জন্মভূমি দ্বিতীয় বৈকুণ্ঠ বটদ্ৰৱা থানত এক উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি হৈছে।

পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অগণন তীৰ্থযাত্রীৰ লগতে ভক্ত-বৈষ্ণৱ, দৰ্শনাৰ্থীৰ সোঁত বৈছে পৱিত্ৰ বটদ্ৰৱা থানলৈ। গুৰু বন্দনা, হৰিন‍ামৰ ধ্বনিৰে আজি দ্বিতীয় বৈকুণ্ঠত পৰিণত হয় বটদ্ৰৱা থান।

আজি গুৰুজনাৰ জন্মতিথি উপলক্ষে পুৱা নিত্য-নৈমিত্তিক প্ৰসংগৰ অন্তত উলিওৱা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ভোগেশ্বৰ বৰাই উদ্বোধন কৰা শোভাযাত্ৰাটিত শিশুৰ পৰা আৱাল বৃদ্ধা- বনিতালৈকে কেইবা সহস্ৰাধিক ৰাইজে অংশ লৈ হৰিনাম কীৰ্তন, গুৰু বন্দনাৰে মুখৰিত কৰি তোলে বটদ্ৰৱাৰ আকাশ-বতাহ।

এই সাংস্কৃতিক শোভাযাত্ৰাটিত গুৰুজনাৰ অন্যান্য সৃষ্টি সত্ৰীয়া সংস্কৃতিৰ গীত-মাত, নৃত্য, বৰগীত, গায়ন-বায়ন, অংকীয়া ভাওনাকে ধৰি বিভিন্ন সমলসমূহ প্ৰতীকি ৰূপত প্ৰদৰ্শন কৰা হয়।

উল্লেখ্য যে এইবাৰৰ গুৰুজনাৰ জন্মোৎসৱটি বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপনৰ দিহা কৰিছে। আনহাতে নগাঁও জিলাৰ প্ৰতিটো অঞ্চলৰ নামঘৰত মহাপুৰুষগৰাকীৰ জন্মজয়ন্তী উৎসৱটি দিনজোৰা কাৰ্যসূচীৰে পালন কৰিছে।