NORTHEAST NOW (Assamese)
অসম

ককায়েক বিৰাজ হাজৰিকাৰ দাবী : যৌতুকৰ বাবে জীৱন্তে জ্বলাই দিয়া হৈছিল ভগ্নী বিতুক

Posted by: এন ই নাও নিউজ December 4, 2018 12:49 pm
Biraj-Hazarika-750x375

সোমবাৰে মঙলদৈৰ জলজলি নাহৰবাৰীৰ গাঁও নিজ চপাইত শহুৰেকৰ পৰিয়ালে নিৰ্মমভাৱে জীৱন্তে জ্বলাই দিয়া ন-বোৱাৰী বিতু হাজৰিকাক যৌতুকৰ বাবে হত্যা কৰা হ’ল বুলি দাবী কৰিছে ককায়েক বিৰাজ হাজৰিকাই।

‘গৰীৱৰ বন্ধু’ বিৰাজ হাজৰিকাই তেওঁৰ ফেচবুক পেজত লিখিছে, ‘’ যৌতুকৰ বলি হ’ল মোৰ ভনী। মাত্ৰ ২০,০০০ টকাৰ বাবে এই হত্যাকাণ্ড। ঘৰৰ মানুহে মোক আগতে জনোৱা নাছিল। বৰ্তমান মঙলদৈ হাস্পাতলত পৰি আছে মৃতদেহ।‘’

লগতে পঢ়ক : মঙলদৈত হৃদয়বিদাৰক ঘটনা : দহ বছৰৰ প্ৰেমৰ পিছত বিয়া হোৱা ন-বোৱাৰীক জ্বলাই দিলে স্বামীৰ পৰিয়ালে

তেওঁ লগতে লিখিছে যে, ‘’ৰাইজৰ সহায় লাগিব কাৰণ মোৰ লগত কোনো ডাঙৰ মানুহ নাই, আজি ১১ বজাত মই মঙলদৈ আহি পাম।‘’

a8d4b239-d9ce-45b3-bc15-37e415a26c60
ককায়েক বিৰাজ হাজৰিকাই দিয়া ফেচবুক প’ষ্ট।

বৰ্তমান ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই ঘটনাটোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মাথোঁ দুমাহৰ পূৰ্বে বিয়া হৈ অহা বিতু হাজৰিকাৰ দহ বছৰীয়া প্ৰেমৰ সম্পৰ্কৰ পাছত বিয়া হৈছিল কৃতী বৰুৱা নামৰ যুৱকজনৰ সৈতে। কৃতী বৰুৱা অসম আৰক্ষীৰ জোৱান আৰু তেওঁ খাৰুপেটীয়াত তৃতীয় অসম আৰক্ষী বেটেলিয়নত চাকৰি কৰে।

দুৰ্ভাগ্যজনকভাৱে, বিয়াৰ মাত্ৰ দুমাহৰ পিছতে সেই প্ৰেম বিবাহ পৰিণত হ’ল কৰুণ মৃত্যুৰ কোলালৈ। বিতুৰ পৰিয়ালৰ লোকে ইয়াক পৰিকল্পিত হত্যা বুলি দাবী কৰিছে। জানিব পৰামতে দহ বছৰৰ সম্পৰ্কৰ পিছতো বিতুক স্বামী কৃতী বৰুৱাই বিয়া কৰাব বিচৰা নাছিল।

চি আই এছ এফত চাকৰি কৰা ককায়েক ছচিয়েল মিডিয়াত ‘গৰীবৰ বন্ধু’ হিচাপে পৰিচিত বিৰাজ হাজৰিকাই এই দুৰ্ভাগ্যৰ খবৰ দি সোমবাৰে ফেচবুক পোষ্টত লিখে, ‘অলপ সময়ৰ আগতে মোৰ ভনীক জ্বলাই মাৰি পেলালে।‘

তেওঁ লিখিছিল, ‘অলপ সময়ৰ আগতে মোৰ ভনীক জুই জ্বলাই মাৰি পেলালে শহুৰেকৰ ঘৰত মংগলদৈত । দুমাহ মান আগতে বিয়া হৈছিল , মই ছুটি লৈ আহি আছো । আগলৈ যাতে আৰু এনেকুৱা ঘটনা নহয় তাৰ বাবে ব্যৱস্থা ল’ব লাগিব, আৰু কোনো ছোৱালী যাতে মৰিব লগা নহয়। আমি দুখীয়া ঘৰৰ বাবে আমাৰ এই অবস্থা।’

উল্লেখ কৰিব পাৰি যে বোৱাৰীগৰাকীৰ ককায়েক বিৰাজ হাজৰিকাক সকলোৱে গৰীৱৰ বন্ধু বুলিয়ে জানে। তেওঁ নিজৰ দৰমহাৰ আধা দুখীয়া ঘৰৰ ল’ৰা-ছোৱালীৰ সহায়ৰ বাবে বিলাই আহিছে। তেওঁ এই বদান্যতাৰ বাবে বহু সন্মানো লাভ কৰিছে।