NORTHEAST NOW (Assamese)
অসম

ভনীয়েকৰ মৃত্যুৰ নামতো পাব্লিচিটি ষ্টাণ্ট ‘গৰীবৰ বন্ধু’ৰ; তীব্ৰ প্ৰতিক্ৰিয়া

Posted by: এন ই নাও নিউজ December 4, 2018 8:51 pm
Beeraj Hazarika_main

৩ ডিচেম্বৰত মঙলদৈত স্বামীগৃহৰ লোকে গাত অগ্নিসংযোগ কৰি হত্যা কৰা বিতু হাজৰিকা নামৰ ন-বোৱাৰীগৰাকীৰ ককায়েক বুলি দাবী কৰা আৰু নিজকে ‘গৰীবৰ বন্ধু’ আখ্যা দি লোৱা বিৰাজ হাজৰিকা নামৰ লোকজনৰ কাণ্ডই চকু কপালত তুলিছে সচেতন ৰাইজৰ। নিজৰ ভনীয়েকৰ মৃত্যুৰ দুখৰ সময়তো প্ৰচাৰৰ লোভক সামৰিব নোৱৰাটো দুৰ্ভাগ্যজনক আখ্যা দিছে বহু ছ’চিয়েল মিডিয়া য়ুজাৰে।

উল্লেখযোগ্য যে দহ বছৰ প্ৰেমৰ সম্পৰ্কৰ পিছত বিতু হাজৰিকা বিয়া হৈছিল মঙলদৈৰ কীৰ্তি বৰুৱা নামৰ যুৱকজনৰ সৈতে। কিন্তু বিয়াৰ মাত্ৰ দুমাহৰ পিছতে, গাৰ পৰা মাহ-হালধিৰ গোন্ধ মাৰ নাযাওঁতেই স্বামী আৰু পৰিয়ালৰ নিৰ্য্যাতনৰ বলি হৈ মৃত্যুক সাৱটিব লগীয়া হয় বিতু হাজৰিকাই। বিতু হাজৰিকাৰ দেউতাকৰ পৰিয়ালৰ দাবী “তাইক যৌতুকৰ বাবেই মাৰি পেলোৱা হ’ল?”

ঘটনাটো ঘটাৰ অলপ সময়ৰ পিছতে নিজকে বিতুৰ ককায়েক বুলি দাবী কৰি বিৰাজ হাজৰিকাই নিজৰ ফেইচবুকৰ টাইমলাইনত এই দুৰ্ভাগ্যজনক ঘটনাটোৰ বিষয়ে পোষ্ট দিয়ে, পুৰি এঙাৰৰ দৰে হৈ পৰা এটা মৃতদেহৰ ফটোৰ সৈতে। ঘটনাটোক হাজাৰ হাজাৰ য়ুজাৰে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আৰু কমেণ্টত অপৰাধীৰ কঠোৰ শাস্তি দাবী কৰে। লগতে বিৰাজ হাজৰিকাৰ প্ৰতি সহমৰ্মিতাও প্ৰকাশ কৰে।

কিন্তু লাহে লাহে এই ফটোখনক লৈ সচেতন মানুহৰ সন্দেহ ওপজে আৰু অনুসন্ধান কৰি গম পায় যে সেয়া গুগলৰ পৰা ডাউনল’ড কৰা এখন পুৰণি ফটো। তাৰ পিছতে বিৰাজ হাজৰিকাৰ এই কাণ্ডক একেমুখে গৰিহণা দিবলৈ ধৰে ছ’চিয়েল মিডিয়া য়ুজাৰে। তেওঁক বহুতে তীব্ৰ ভৰ্ৎসনা কৰে। তেওঁক পূৰ্বৰ পৰা এজন সমাজসেৱক হিচাপে চিনি পোলাসকলো ইয়াৰ মাজত আছে।

মন কৰিব লগীয়া যে মানুহৰ বিৰূপ প্ৰতিক্ৰিয়া আৰু গৰিহণাৰ কোবত আজি বিৰাজ হাজৰিকাই এই সম্পৰ্কীয় আটাইবোৰ পোষ্ট ডিলিট কৰি দিয়ে।

জানিব পৰামতে বিৰাজ হাজৰিকা চি আৰ পি এফৰ জোৱান আৰু তেওঁ বৰ্তমান শিৱসাগৰত কৰ্মৰত। তেওঁ মাজে মাজে নিজৰ দৰমহাৰ টকাৰে দুখীয়া পৰিয়ালৰ ল’ৰা-ছোৱালীক সাজ-পাৰ কিনি দিয়ে আৰু তাৰ বাবে নিজকে ‘গৰীৱৰ বন্ধু’ আখ্যা দিয়ে। অৱশ্যে তেওঁ এই কামৰ বাবে বহুজনৰ সমাদৰ আৰু সন্মানো লাভ কৰিছে। কিন্তু কালিৰ ঘটনাটোৰ পিছত তেওঁৰ মাজত লুকাই থকা আত্মপ্ৰচাৰৰ লোভৰ তীব্ৰতাৰ কথা জানিব পাৰি উদ্বেগ প্ৰকাশ কৰিছে বহুতে। গৰিহণা দি এজন য়ুজাৰে লিখিছে, “আপোনাৰ কামক সন্মান জনাই আহিছো। কিন্তু এইটো ভুল আপুনি কিয় কৰিলে?”

“এনেদৰে ৰাইজক বিভ্ৰান্ত কৰাৰ অধিকাৰ নাই আপোনাৰ।” এনেদৰে কয় আন এজন ফেচবুক য়ুজাৰে।

উল্লেখ কৰিব পাৰি যে দুখীয়া পৰিয়ালৰ ল’ৰা-ছোৱালীক সাজ-পাৰ দিওঁতেও বিৰাজ হাজৰিকাই উক্ত শিশুবোৰৰ সৈতে বিভিন্ন ভংগিৰে ফটো উঠি সেইবোৰ ফেচবুকত সঘনাই আপল’ড কৰা দেখা যায়।