NORTHEAST NOW (Assamese)
অসম

চৰাইদেউৰ অসম-অৰুণাচল সীমান্তত অস্ত্ৰসহ দুই অৰুণাচলী যুৱক আটক

Posted by: এন ই নাও নিউজ December 17, 2018 8:15 am
Sonari

চৰাইদেউ জিলাৰ সোণাৰীৰ সমীপৰ অসম-অৰুণাচল সীমান্তৰ কানুবাৰীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফ আৰু চৰাইদেউ জিলা আৰক্ষীয়ে এক যুটীয়া অভিযান চলাই অস্ত্ৰসহ দুজন অৰুণাচলী যুৱকক আটক কৰে।

ধৃত যুৱক দুজনক অৰুণাচল প্ৰদেশৰ ৰিম বিহাম আৰু টাচজাও জহাম বুলি চিনাক্ত কৰা হৈছে। তেওঁলোকৰ পৰা আৰক্ষীয়ে আৰু চি আৰ পি এফৰ দলে ২টা হস্তনিৰ্মিত বন্দুক আৰু কেইবা জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰে বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে এক বিশেষ সূত্ৰৰ পৰা অঞ্চলটোত গোপনে অবৈধ মাৰণাস্ত্ৰৰ কিনা-বেচা চলি থকাৰ খবৰ লাভ কৰি আৰক্ষী আৰু চি আৰ পি এফে কালি উক্ত অভিযানটো চলায়।

পিছত অভিযানকাৰী দলটোৱে আটকাধীন দুয়োজনকে পৰৱৰ্তী তদন্তৰ বাবে সাপেখাতী আৰক্ষী থানাত চমজাই দিয়ে।