NORTHEAST NOW (Assamese)
উত্তৰ-পূব

মেৰীকম বক্সিং একাডেমিলৈ নিৰ্বাচিত ছিকিমৰ প্ৰথমগৰাকী বক্সাৰ

Posted by: এন ই নাও নিউজ February 11, 2019 7:33 pm
sikkim-boxer-750x375

উত্তৰ-পূৰ্বাঞ্চলৰ পৰা প্ৰতিভাৱান বক্সাৰ জন্ম দিয়াৰ উদ্দেশ্য প্ৰতিষ্ঠিত মেৰীকম বক্সিং একাডেমিলৈ প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হৈছে ছিকিমৰ প্ৰতিভাৱান বক্সাৰ দিপিকা লেপচা। ছবাৰৰ বিশ্ব চেম্পিয়ন মেৰীকৰ অধীনত প্ৰশিক্ষণৰ সুবিধা লাভ তেওঁৱেই হৈছে ছিকিমৰ প্ৰথমগৰাকী বক্সাৰ।

উন্নত প্ৰশিক্ষণৰ বাবে মণিপুৰলৈ ৰাওনা হোৱাৰ পূৰ্বে এছ এছ বিৰ বক্সিং প্ৰশিক্ষক সুৰেন্দৰ সিঙৰ পৰা প্ৰাথমিক প্ৰশিক্ষণ গ্ৰহণ কৰিছিল দপিকাই।

পশ্চিম ছিকিমৰ য়াংগ্যাটেইৰ নিৱাসী দিপিকা ছাকয়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী। বিদ্যালয়খনৰ অধ্যক্ষকে ধৰি শিক্ষক-শিক্ষয়ত্ৰী আৰু কৰ্মচাৰী সকলে দিপিকাক একাডেমীখনলৈ নিৰ্বাচিত হোৱা বাবে শুভেচ্ছা জ্ঞাপন কৰিছে।

মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা মাত্ৰ দহ কিলোমিটাৰ দূৰত্বত লংগল পাহাৰৰ নামনিত ৩.৩ একৰ ভূমিত অৱস্থিত মেৰীকম বক্সিং একাডেমিখন উত্তৰ-পূৱৰ প্ৰথমখন অত্যাধুনিক সা-সজুলীৰে সজ্জিত বক্সিং একাডেমি। মেৰীকম জাতীয় বক্সিং ফাউণ্ডেচনৰ অংশস্বৰূপে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ সংম্প্ৰসাৰণ কেন্দ্ৰ হিচাপেও একাডেমিখনে বক্সিঙৰ প্ৰসাৰৰ বাবে কাম কৰি আহিছে।