NORTHEAST NOW (Assamese)
অসম

ৰাজ্যসভাত বিধেয়ক উত্থাপন নোহোৱাৰ কৃতিত্বৰ দাবী কংগ্ৰেছ-অগপৰ

Posted by: এন ই নাও নিউজ February 14, 2019 10:57 am
Guwahati-KMSS-celebrated-2-750x375

উত্তৰ-পূবৰ দল-সংগঠনে সাব্যস্ত কৰা তীব্ৰ প্ৰতিবাদ তথা বিৰোধী ৰাজনৈতিক দলসমূহে নিৰন্তৰ হেচা প্ৰদান কৰাৰ বাবেই ১৩ ফেব্ৰুৱাৰি অৰ্থাৎ বুধবাৰে নাগৰিকত্ব বিধেয়কখন ৰাজ্যসভাত উত্থাপন কৰাত বিফল হ’ল বিজেপি। উত্তৰ-পূববাসীয়ে লাভ কৰা এই সফলতাৰ এতিয়া কৃতিত্বৰ দাবী কৰিছে কংগ্ৰেছ আৰু অসম গণ পৰিষদ দলে।

‘নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গ্ৰহণ কৰা সবল স্থিতিৰ বাবেই কেন্দ্ৰীয় চৰকাৰে বিধেয়কখন ৰাজ্যসভাত উত্থাপন কৰাত ব্যৰ্থ হয়। বিধেয়কৰ বিৰুদ্ধাচৰণ কৰি আমি মিত্ৰজোঁট চৰকাৰৰ পৰা ওলাই আহিছিলো আৰু আমাৰ সেই সিদ্ধান্তই বিধেয়কখন গৃহীত কৰাত বিজেপিক নৈতিকভাৱে পৰাস্ত কৰিছিল’। অগপ সভাপতি অতুল বৰাই এইদৰে কয়।

এই জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে অগপ দলে প্ৰথম দিনাৰ পৰাই বিৰোধিতা কৰি অহা বুলিও তেওঁ লগতে উল্লেখ কৰে।

ইফালে ৰাজ্যসভাত বিধেয়কখন উত্থাপন নোহোৱা কাৰ্যত সকলোৱে সন্তুষ্টি প্ৰকাশ কৰাৰ সময়তে বিধেয়ক বাতিলৰ কৃতিত্বৰ দাবী কৰিছে কংগ্ৰেছে।

‘আমাৰ দল আৰু পাৰ্টী অধ্যক্ষ ৰাহুল গান্ধী সদাই এই বিধেয়কখনৰ বিৰুদ্ধে আছিল। যদি এই বিধেয়কখন ৰাজ্যসভাত উত্থাপন হ’ল হেতেন তেন্তে আমি শাসনত আহিলেই বিধেয়কখন বাতিল কৰাৰ বাবে দৃঢ় প্ৰতিজ্ঞাবদ্ধ আছিলো’। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এইদৰে মন্তব্য কৰে।

বিজেপিয়ে লোকসভাৰ দৰে ৰাজ্যসভাতো বিধেয়কখন গৃহীত কৰিবলৈ কৰা চেষ্টাত বিফল হোৱাত সন্তুষ্টি প্ৰকাশ কৰি ‘এই বিজয় অসমবাসী ৰাইজৰ’ বুলি মন্তব্য কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে।